মানাহ উদ্যানৰ বাহবাৰীত বিশ্ব ব্যঘ্ৰ দিৱস উদযাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 29, 2020

মানাহ উদ্যানৰ বাহবাৰীত বিশ্ব ব্যঘ্ৰ দিৱস উদযাপন

গোৱৰ্ধনা : আজি ২৯ জুলাই৷ প্ৰকৃতিৰ ৰম্যভূমি মানাহ উদ্যানৰ বাহবাৰী বনাঞ্চলিক কাৰ্য্যালয়ত উদযাপন কৰা হয় বিশ্ব ব্যঘ্ৰ দিৱস(Tiger Day)৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত কামেশ্বৰ বসুমতাৰী নামৰ বনকৰ্মী গৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুক লৈ এটি সুন্দৰ গীত পৰিৱেশন কৰে৷



বনকৰ্মী কামেশ্বৰ বড়োৰ গীতে আপ্লুত কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজনক৷ ইয়াৰ পিচতে এই অনুষ্ঠানত উপস্থিত থকা বনবিভাগৰ উচ্চ পদস্ত বিষয়া, বাক্সা জিলা উপায়ুক্ত, বাক্সা জিলা আৰক্ষী অধীক্ষক সহ কেইবা গৰাকী লোকক আৰনাই আৰু ফুলৰ থপাৰে সম্বৰ্ধনা জনোৱা হয়৷

উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি ৩০ টা বাঘ থকাৰ লগতে ৩৭ টা গড়ঁ আছে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু আৰু গছ গছনি কোনো চোৰাং চিকাৰীয়ে ক্ষতি কৰিব নোৱাৰে ইয়াৰ বাবে বনবিভাগৰ প্ৰতিজন কৰ্মীয়ে গুৰুত্ব সহকাৰে সুৰক্ষা দি আহিছে৷

No comments:

Post a Comment

SPONSORED