কয়াকুছিৰ কুৰিহাত পানীত পৰি ভাতৃ ভগ্নীৰ মৃত্যু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 29, 2020

কয়াকুছিৰ কুৰিহাত পানীত পৰি ভাতৃ ভগ্নীৰ মৃত্যু

কয়াকুছি : সৰুক্ষেত্ৰী সমষ্টিৰ বৰপেটা ৰাজহচক্ৰৰ অন্তৰ্গত কুৰিহা গাঁৱত পানীত পৰি বুধবাৰে সন্ধিয়া ভাতৃ-ভগ্নীৰ মৃত্যু হয়। কুৰিহা গাঁৱৰ ফৰহাদ মল্লিকৰ পুত্ৰ আব্দুল্লাহ মল্লিক(৭) আৰু ফাতেমা মল্লিক(৪)ৰ পানীত পৰি মৃতু হয়।


ঘটনাৰ বিৱৰণী মতে বুধবাৰে আবেলি প্ৰায় ৪.৩০ বজাত শিশু দুজনক ঘৰত দেখা নাপায় পৰিয়ালৰ লোকে ঘৰৰ চাৰিওফালে পানীত বিচাৰিব ধৰে। বহু সময় বিচৰাৰ পিছত শিশু দুটাক পানীৰ পৰা উদ্ধাৰ কৰি পৰিয়ালৰ লোকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত নিয়ে যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। এনেদৰে পানীত পৰি মৃত্যু হোৱাৰ বাবে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

No comments:

Post a Comment

SPONSORED