"কা" বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবী : বুড়ীখামাৰত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 30, 2020

"কা" বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবী : বুড়ীখামাৰত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

বৰপেটাৰ পৰা সেখ ৰহমত উল্লাহ :
বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বুড়ীখামাৰ আঞ্চলিক বজাৰত বুড়ীখামাৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বুধবাৰে কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু "কা" বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে৷



প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ আঞ্চলিকৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ এই কাৰ্যসূচীত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ সাধাৰণ সম্পাদক কাজী নাজিমুল হ’ক, সহকাৰী সাধাৰণ সম্পাদক মণিৰ উদ্দিন, মুখ্য সাংগঠনিক সম্পাদক শ্বাহাদত মোল্লাই৷ প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি জিলাৰ সম্পাদক গৰাকীয়ে কয়- যদি কৃষক নেতা অখিল গগৈক মুক্তি প্ৰদান নকৰে তেন্তে অনাগত দিনত আৰু ভয়াবহ আন্দোলন গঢ়ি তোলা হ’ব৷
প্ৰতিবাদকাৰী সদস্যসকলে হাতত বিভিন্ন ধৰণৰ প্লেকাৰ্ড লৈ কা আমি নামানো, জাতিদ্ৰোহী সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰ হায় হায়, কা আন্দোলনত বন্দী হোৱা সকলো আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷

No comments:

Post a Comment

SPONSORED