লক্ষ্মী বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ মানৱ শৃংখল¸ প্ৰতিবাদী পথ সভা
বৰপেটা : অখিল গগৈসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত সৰুক্ষেত্ৰীৰ লক্ষ্মী বজাৰত মানৱ শৃংখল আৰু প্ৰতিবাদী পথ সভা অনুষ্ঠিত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কয়াকুছি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ বৰপেটা জিলা সমিতিৰ সহযোগত আয়োজিত মানৱ শৃংখল আৰু প্ৰতিবাদী পথ সভাত বক্তাসকলে ৰাজ্যজোৰা আন্দোলন গঢ়ি তোলাৰ আহ্বানৰ সৈতে চৰকাৰৰ বিৰুদ্ধে বিক্ষোদ্গাৰ প্ৰকাশ কৰে। অখিল গগৈ ¸ দেবাংগ কলিতাসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীক সুচিকিৎসা প্ৰদান কৰা আৰু অতি সোনকালেই বিনাচৰ্তে মুক্তিৰ দাবীত এই পথ সভা অনুষ্ঠিত কৰে কৃষক মুক্তি আৰু আঞ্চলিকতবাদ সুৰক্ষা মঞ্চৰ কৰ্মী আৰু সমৰ্থক সকলে। কয়াকুছিৰ সমীপৱৰ্তী লক্ষ্মী বজাৰত প্ৰতিবাদ স্বাব্যস্ত কৰা উক্ত প্ৰতিবাদী পথ সভাত ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কয়াকুছি আঞ্চলিক সমিতিৰ সম্পাদক হাছেন আলী¸ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ বৰপেটা জিলাৰ সমন্বয়ক আব্দুল জলিল¸ মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ ‘মাছ’ৰ বৰপেটা জিলা সমিতিৰ সচিব ছাহেদ আলী আহমেদে। উক্ত প্ৰতিবাদী পথ সভাত বহুতো গন্য-মান্য ব্যক্তি উপস্থিত থাকি সহযোগ কৰে।
No comments:
Post a Comment