ইছলাম ধর্মাবলম্বী লোকৰ ত্যাগৰ উৎসৱ ঈদ-ঊল-আযহা : বিভিন্ন জনৰ শুভেচ্ছা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 1, 2020

ইছলাম ধর্মাবলম্বী লোকৰ ত্যাগৰ উৎসৱ ঈদ-ঊল-আযহা : বিভিন্ন জনৰ শুভেচ্ছা

  • মহামাৰী কৰোণাই ম্লান কৰিলে ঈদৰ উছাহ
  • প্ৰলয়ংকাৰী বানে ধুই নিলে সকলো আনন্দ
  • বিভিন্ন দল-সংগঠন, লোকৰ ঈদৰ শুভেচ্ছা
  • সংবাদ প্ৰহৰীৰ তৰফৰ পৰাও জ্ঞাপন কৰিছো পৱিত্ৰ ঈদৰ শুভেচ্ছা- ঈদ মোবাৰক


ব্যুৰ’ সংবাদ : ঈদ-ঊল-আযহা বা ঈদ-উদ-জোহা৷ ত্যাগৰ এই উৎসৱটি কোৰবানী ঈদ নামেও পৰিচিত। ঈদ-ঊল-আযহা মূলত আৰবী বাক্যাংশ। ইয়াৰ অৰ্থ ত্যাগৰ উৎসব’। কাইলৈ সমগ্ৰ ৰাজ্যতে ইছলাম ধর্মাবলম্বী লোকসকলে পালন কৰিব ত্যাগৰ এই উৎসৱ ঈদ-ঊল-আযহা৷

পূৰ্বৰ তুলনাত এইবেলি ঈদৰ আনন্দই চুব নোৱাৰিব ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক৷ মহামাৰী কৰোণা ভাইৰাছৰ বাবে অব্যাহত থকা লকডাউনৰ লগতে প্ৰলয়ংকাৰী বানে ধুই নিলে সকলো আনন্দ৷ বানৰ তাণ্ডৱত উটি গ’ল ঘৰ-দুৱাৰ৷ প্লাৱিত হল হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি৷ ঠায়ে ঠায়ে ছিঙি নিলে দলং বাট-পথ৷ বানৰ কৱলত পৰি শতাধিক লোকে হেৰুৱালে নিজৰ আপোনজনক৷ লক্ষাধিক লোক আজিও ওখ ঠাই-মথাউৰিত অস্থায়ী শিবিৰ পাতি পশুধনৰ সৈতে একেলগে কটাইছে নিশা৷ ইয়াৰে বহুতেই আজিও নাপালে চৰকাৰী সাহায্য৷ বিভিন্ন প্ৰান্তত দুই-এটি স্বেচ্ছাসেৱী সংগঠন আৰু সমাজসেৱীলোকে নিজাৱৱীয়াকৈ বন্যাৰ্তসকলক কিছু সাহায্য আগবঢ়াইছে যদিও সেয়া পূৰ্ণতাহীন৷ ইয়াৰ মাজতেই বৰপেটাৰোডৰ হায়াত ফাউণ্ডেচনে পৱিত্ৰ ঈদ উপলক্ষে শতাধিক দৰিদ্ৰ লোকৰ মাজত কিছু খাদ্য-সামগ্ৰী বিতৰণ কৰে৷

এনে দুৰ্যোগৰ মাজতেই কাইলৈ ৰাজ্যজুৰি পালন কৰিবলগীয়া ত্যাগৰ উৎসৱ ঈদ উদ জোহা উপলক্ষে ‘সংবাদ প্ৰহৰী’ৰ জৰিয়তে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰে৷

সমগ্ৰ বিশ্বৰ পৰাই কৰোণাৰ দৰে মহামাৰীকে ধৰি সকলো ধৰণৰ অপায়-অমঙ্গল নাশ হওক, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰীঢাল সুদৃঢ় কৰি তোলক তাৰে কামনাৰে সংবাদ প্ৰহৰী পৰিয়ালৰ তৰফৰ পৰাও সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদ উদ জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছো৷ ঈদ মোবাৰক৷

No comments:

Post a Comment

SPONSORED