অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ প্রতিবেদনত উত্তৰ–পূবৰ যুটীয়া সচিব সত্যেন্দ্র গার্গৰ প্রতিবেদনখনত স্বাক্ষৰ নাই কিয়? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 13, 2020

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ প্রতিবেদনত উত্তৰ–পূবৰ যুটীয়া সচিব সত্যেন্দ্র গার্গৰ প্রতিবেদনখনত স্বাক্ষৰ নাই কিয়?

  • অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ প্রতিবেদন ৰাজহুৱা আছুৰ
  • আছুক ধন্যবাদ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
  • উত্তৰ–পূবৰ যুটীয়া সচিব সত্যেন্দ্র গার্গৰ প্রতিবেদনখনত স্বাক্ষৰ নাই কিয়?
  • প্রতিবেদনখনৰ বৈধতা কিমান, সেয়াও সন্দেহজনক৷


গুৱাহাটী : কংগ্রেছে চি পি আই, চি পি আই (এম), আঞ্চলিক গণ মঞ্চ আদিকো লগত ল’ব বিচাৰিছে৷ আছুৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলটোকো লগত ৰাখিব বিচাৰিছিল৷ কিন্তু তেওঁলোকে কংগ্রেছৰ লগত নথকাৰ কথা কৈছে৷ অৱশ্যে তেওঁলোকে মিত্রতা নকৰিলে নাই৷ নির্বাচনৰ প্রাকক্ষণৰ দল এটা গঠন কৰি কিমানখন আসন লাভ কৰিব? সেয়ে কৈছোঁ কংগ্রেছৰে মিত্রতা নকৰিলে তেওঁলোকৰে লোকচান হ’ব৷ 

এ আই ইউ ডি এফৰে মিত্রতাৰ প্রসংগত গগৈয়ে আৰু কয় যে বিজেপিয়ে এ আই ইউ ডি এফৰে কেতিয়াবাই মিত্রতা কৰিছিল৷ বিজেপিয়ে এ আই ইউ ডি এফৰে লগ লাগি জয়ন্ত বৰুৱাক ৰাজ্যসভাৰ প্রার্থী হিচাপে থিয় কৰাইছিল৷ কংগ্রেছে এতিয়াহে আজমলৰে মিত্রতা কৰিব ওলাইছে৷ ইপিনে, জনপ্রিয় শিল্পী জুবিন গার্গ জনসাধাৰণৰ এম্বেছাডৰ হ’লে সমর্থন কৰিলোঁহেঁতেন৷ জুনিব গার্গ, যতীন বৰাকে ধৰি শিল্পীসকলক যিমান পাৰে সকলো ৰাজনৈতিক দলৰ পৰা আঁতৰি থকাৰ আহ্বান জনাই গগৈয়ে কয় যে এইক্ষেত্রত ভূপেন হাজৰিকা উৎকৃষ্ট উদাহৰণ৷ ভূপেন হাজৰিকাক নির্বাচনত কংগ্রেছে হৰুৱাইছিল৷ কিন্তু শিল্পী হিচাপে তেওঁক সন্মান দিছে৷ ইফালে, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কত উচ্চস্তৰীয় কমিটীৰ প্রতিবেদনখন কালি আছুৱে ৰাজহুৱা কৰাৰ বাবে গগৈয়ে আছুক ধন্যবাদ জ্ঞাপন কৰে৷ 

এই সম্পর্কত গগৈয়ে কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতিবেদনখনৰ প্রসংগত ক’ৰোনাৰ কথা কৈছে৷ কিন্তু চৰকাৰে প্রতিবেদনখন গ্রহণ কৰিছোঁ বুলি কোৱাত ক’ভিডৰ বাধা ক’ত বুলি প্রশ্ণ কৰি গগৈয়ে কয় যে প্রতিবেদনখন চৰকাৰে গ্রহণ কৰিছোঁ বুলি কৈ আসন্ন শীতকালীন অধিৱেশনত সদনত উত্থাপন কৰিব বুলি কোৱাত ক’ৰোনাই ক’ত কেনেকৈ বাধা দিছে৷ মুখ্যমন্ত্রীয়ে তেনে মন্তব্যৰে অসমৰ ৰাইজক বুর্বক বনাব বিচাৰিছে৷ 

কেন্দ্রীয় গৃহমন্ত্রীয়ে নিজে গঠন কৰি দিয়া কমিটীৰ পৰা প্রতিবেদনখন গ্রহণ নকৰাটোৱে কি সূচায়? তদুপৰি উক্ত কমিটীৰ সদস্য সচিবৰ দায়িত্বত থকা কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ উত্তৰ–পূবৰ যুটীয়া সচিব সত্যেন্দ্র গার্গৰ প্রতিবেদনখনত স্বাক্ষৰ নথকাটোৱে কি বুজায়? সদস্য সচিবৰ স্বাক্ষৰ নথকা প্রতিবেদনখনৰ বৈধতা কিমান, সেয়াও সন্দেহজনক৷ এই প্রতিবেদনখন এন আৰ চিতকৈও অধিক বেয়া হ’ব বুলি উল্লেখ কৰি গগৈয়ে কয় যে এইখনো যে এন আৰ চিৰ দৰে পেলনীয়া কাগজ হ’ব, সেয়া ৯০ শতাংশ নিশ্চিত৷ এইখন এন আৰ চিতকৈ বেয়া হ’ব৷ ‘আনটাটছেবল পেপাৰ’ হ’ব৷ চুলেই ক’ভিড হ’ব৷

No comments:

Post a Comment

SPONSORED