বিধায়ক শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবী : লখিমপুৰত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 13, 2020

বিধায়ক শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবী : লখিমপুৰত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ প্ৰতিবাদ

লখিমপুৰ : নিজৰ TRP ৰ বাবে সদায়ে বিতৰ্কিত মন্তব্য কৰি শিৰোনাম দখল কৰা বিধায়ক শীলাদিত্যক গ্ৰেপ্তাৰ কৰিবৰ বাবে গোটেই অসমত চলি আছে এতিয়া তীব্ৰ প্ৰতিবাদ।



অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য জগতৰ স্বনামধন্য সাহিত্যিক ছৈয়দ আব্দুল মালিকক জেহাদী সজাই কৰা মন্তব্যৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে।

যাৰ পৰিপ্ৰেক্ষিতত আজি লখিমপুৰ জিলাৰ কৰুণাবাৰীত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ নেতৃত্বত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰে। প্ৰতিবাদী কাৰ্যসূচীত শিলাদিত্যক গ্ৰেপ্তাৰ কৰক, মোদী চৰকাৰ হায় হায়, আদি শ্ল’গান দি বিধায়ক শিলাদিত্যৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে।

No comments:

Post a Comment

SPONSORED