আদ্যশ্ৰাদ্ধৰ দিনটোতে পাঠশালাত শ্বহীদ প্ৰণয় কলিতাৰ নামত ১৪০০ মিটাৰ পথৰ নামাকৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 10, 2020

আদ্যশ্ৰাদ্ধৰ দিনটোতে পাঠশালাত শ্বহীদ প্ৰণয় কলিতাৰ নামত ১৪০০ মিটাৰ পথৰ নামাকৰণ

১.৬৫ কোটি টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ
বজালী : মনিপুৰত যোৱা ২৯ জুলাইত উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা আসাম ৰাইফলছৰ জোৱান প্ৰণৱ কলিতাৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনটোতে আজি পাঠশালাত এটি পথ তেওঁৰ নামত নামাকৰণ কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়।


শ্বহীদ পৰিয়ালৰ ঘৰৰ সন্মূখেৰে যোৱা পাঠশালা-বাঘমাৰা পথৰ সৈতে ঘাটবৰ সাদেৰী গাওঁ সংযোগী ১৪০০ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ বাবে অসম চৰকাৰে ইতিমধ্যে ১.৬৫ কোটি টকাৰ মঞ্জুৰী প্ৰদান কৰিছে। আজি উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আনুষ্ঠানিকভাৱে এই পথচোৱাৰ নামাকৰণৰ লগতে এই পথচোৱা মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ২ আগষ্টত পাঠশালালৈ আহি দিয়া নিৰ্দেশ অনুসৰি তাৰ দুদিনৰ পিছতেই এই কাম পূৰ্ণগতিত আৰম্ভ কৰা হয়। আজি শ্বহীদ গৰাকীৰ আদ্য শ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি এই পথচোৱাৰ তেওঁৰ নামত নামাকৰণ কৰাৰ লগতে আনুষ্ঠানিকভাৱে পথটো উদ্ধোধন কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। অহা তিনি মাহৰ ভিতৰতে পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হব বুলি তেওঁ উল্লেখ কৰে।


জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই পৰিচালনা কৰা সভাখনত বজালীৰ মহকুমাধিপতিৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নয়নজ্যোতি ভাগৱতী, শ্বহীদ ভাতৃ পঙ্কজ কলিতা, সমাজ কৰ্মী ফণী পাঠক আৰু নগেন চৌধুৰীয়েও ভাষণ দিয়ে। সমাজ কৰ্মী দুগৰাকীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে উপায়ুক্তই গ্ৰহণ কৰা ব্যাপক তৎপৰতাৰ ভূয়সী প্ৰশংসা কৰে। ইয়াৰ পূৰ্বে পোণতে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰি উপায়ুক্ত গৰাকীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে। উদ্ধোধনী অনুষ্ঠানৰ পিছতে উপায়ুক্ত শৰ্মাই অতিৰিক্ত উপায়ুক্ত নৱজিৎ কলিতা আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ সৈতে শ্বহীদ পৰিয়ালৰ বাসভৱনলৈ গৈ আদ্য শ্ৰাদ্ধ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। বিয়লি তেওঁলোকৰ বাসভৱন চৌহদতে স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এখন স্মৃতিচাৰণ সভাতো উপায়ুক্ত গৰাকীয়ে অংশগ্ৰহণ কৰে। এইখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হাউছফেডৰ অধ্যক্ষ তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে।


জনসংযোগ বিষয়া বিকাশ শৰ্মাই পৰিচালনা কৰা সভাখনত অসম বিত্ত নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, শ্বহীদ পিতৃ হৰিপ্ৰসাদ কলিতা, মনিপুৰস্থ চতুৰ্থ আসাম ৰাইফলছৰ ছুবেদাৰ মহাবীৰ সিং, স্থানীয় অৱসৰপ্ৰাপ্ত সেনা বিষয়া ৰঞ্জিত তালুকদাৰ, শিক্ষাবিদ ৰত্নেশ্বৰ দাস আদি বিশিষ্ট ব্যক্তি সকলেও ভাষণ দিয়ে।

No comments:

Post a Comment

SPONSORED