আলম ছৰোৱাৰ,হাউলী :
হাউলী নগৰৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা বিশিষ্ট নাগৰিক, সমাজ কৰ্মী তথা হাউলী বি, এইচ কলেজৰ অৱসৰপ্ৰাপ্ত কাৰ্যালয় সহায়ক তমিজ উদ্দিন আহমেদৰ সোমবাৰে ৰাতিপূৱা ৭-৩০ বজাত নিজ বাস ভৱনত পৰলোকপ্ৰাপ্তি ঘটে৷ তেওঁ দীৰ্ঘ দিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ ৷
মৃত্যুৰ আগলৈকে তেওঁ অঞ্চলটোৰ বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠাণ-প্ৰতিষ্ঠাণৰ লগত ওতপ্ৰোত ভাবে জড়িত আছিল৷ তেখেতৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্র, চাৰি কণ্যাসহ বহুতো আত্মীয়স্বজন ইহ সংসাৰত এৰি থৈ যায়৷
আহমেদৰ মৃত্যুত বি, এইচ কলেজৰ অধ্যক্ষ ড০ ভূষন চন্দ্ৰ পাঠক, বি,এ ইচ কলেজ শিক্ষক কৰ্মচাৰী গোট, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন ছাত্র নেতা যুগান্ত বায়ন,অমৰেন্দ্ৰ পাঠক, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদ, হাউলী কেচা- মাল ব্যৱসায়ী সন্থাৰ সম্পাদক ছৰুৱাৰ উদ্দিন, হাউলী পৌৰ সভাৰ প্ৰাক্তন উপ সভাপতি বিমল কৰ্মকাৰ, সাংবাদিক দিদাৰ হুছেইনকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে|
No comments:
Post a Comment