গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ মুকলি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 24, 2020

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ মুকলি

গুৱাহাটী : আজি মুকলি কৰা হ’ল গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ সংযোগী ৰ’পৱে’৷ আজিৰে পৰা দেশৰ দীৰ্ঘতম এই ৰ’পৱে’ৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ৰাইজে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰ’পৱে মুকলি কৰি অসমৰ ৰাইজৰ লগতে গুৱাহাটীবাসীৰ বাবে আজিৰ দিনটো গুৰুত্বপূর্ণ দিন বুলি অভিহিত কৰে৷ ২০০৬ চনতে এই ৰ’পৱে’ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল৷ এই কাম ২০১১ চনতে সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও আইনগত কাৰণত ইয়াৰ কাম কিছু কাম স্থবিৰ হৈছিল৷


আনহাতে, এইবাৰ পূজাৰ আগে আগে গণেশগুৰিৰ ফ্লাই অভাৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ এটা বছৰতে প্ৰথমবাৰৰ বাবে ফ্লাই অভাৰৰ কাম সম্পূৰ্ণ হ’ব৷ ইয়াৰ উপৰি ব’হাগ বিহুৰ পূৰ্বে ছুপাৰ মাৰ্কেটৰ ব্ৰীজৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলিও মন্ত্ৰী শৰ্মাই উল্লেখ কৰে৷

গুৱাহাটীত ৯খন ফুট অভাৰব্ৰীজ বনোৱা হ’ব আৰু ফেব্ৰুৱাৰীত একেদিনাই একেলগে ৯খন ফুট ব্ৰীজ উদ্বোধন কৰা হ’ব বুলিও মন্ত্ৰী শৰ্মাই সদৰী কৰে৷ আনহাতে ভৰুলমুখ ব্ৰীজ হ’লে এইমছলৈ যাবলৈ মাত্ৰ ১৫মিনিট লাগিব বুলিও তেওঁ উল্লেখ কৰে৷ ‘কা’ আন্দোলনৰ সময়ত গুৱাহাটী ধ্বংস কৰাৰ অভিযোগ তুলি তেওঁ কয় যে, গুৱাহাটীৰ কাৰো সৈতে তুলনা নহয়, বহুত আৱেগ জড়িত হৈ আছে৷

গুৱাহাটী উন্নয়ন মন্ত্ৰী তথা বিভাগৰ বাবেই গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণ হৈছে৷ জাগীৰোড, মঙলদৈ আদিলৈ গুৱাহাটীক সম্প্ৰসাৰণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ কুৰুৱা-দৰঙৰ মাজত দলঙৰ কামো আগবঢ়াৰ কথা তেওঁ সদৰী কৰে৷ গুৱাহাটী স্বাস্থ্য-শিক্ষা সকলোতে আগবঢ়া হ’ব লাগিব বুলিও তেওঁ লগতে কয়৷ পাণ্ডুৰ পৰা কামাখ্যালৈ নতুন পথ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ ১ জানুৱাৰীত নিৰ্মাণ আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে৷

No comments:

Post a Comment

SPONSORED