ৱাশ্বিংটন : পুনৰ কৃষ্ণাংগৰ বিৰুদ্ধে বৰ্বৰ আচৰণ আমেৰিকাত। আৰক্ষীৰ গুলীত এগৰাকী কৃষ্ণাংগ লোক গুৰুতৰভাৱে আহত হোৱাৰ পাছত প্ৰতিবাদমুখৰ হৈ পৰিছে আমেৰিকাৰ কেনোশ্বা, উইছকোনছিন চহৰ। এজন নিৰস্ত্ৰ কৃষ্ণাংগ লোকৰ ওপৰত আৰক্ষীয়ে বৰ্বৰভাৱে একাধিকবাৰ গুলী চলোৱাৰ প্ৰতিবাদত প্ৰৱল প্ৰতিবাদ হৈছে চহৰকেইখনত।
উইছকোনছিনৰ গৱৰ্নৰ টনী এভাৰ্ছ-এ আহত লোকজনক জেকব ব্লেকী বুলি চিনাক্ত কৰিছে। দেওবাৰে সন্ধিয়া আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱাৰ পাছত তেওঁক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোঁৱা হয়। এই ঘটনাৰ প্ৰতিবাদেৰে ৰাজপথ ভৰি পৰা প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হোৱা বুলিও স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। আমেৰিকাৰ কেনোশ্বাত দেওবাৰে বিয়লি প্ৰা ৫বজাত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।
‘ঘৰুৱা ঘটনা’ এটা মীমাংসাৰ সময়তে আৰক্ষী বিষয়া এজনে লোকজনলৈ গুলীবৰ্ষণ কৰে। ইফালে এই গুলীবৰ্ষণৰ সৈতে জড়িত আৰক্ষী বিষয়াজনক প্ৰশাসনে ‘প্ৰশাসনীয় ছুটী’ত যোৱাৰ নিৰ্দেশ দিয়াৰ লগতে প্ৰদেশখনৰ অপৰাধী অনুসন্ধান বিভাগে ঘটনাটো সম্পৰ্কে তদন্ত কৰি ৩০দিনৰ ভিতৰতে প্ৰতিবেদনত সাজু কৰিব বুলি প্ৰকাশ কৰিছে।
No comments:
Post a Comment