দৰিদ্ৰ ৰোগীসকলক সহায় দ্যা ৰয়েল এফেয়াৰৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, August 17, 2020

দৰিদ্ৰ ৰোগীসকলক সহায় দ্যা ৰয়েল এফেয়াৰৰ

আৰ্শ্বাদ আহমেদ :
কৰ'ণা আৰু লক ডাউনৰ বাবে দেশত শ্ৰমজীৱি জনতা আজি ব্যাপক ক্ষতিগ্ৰস্ত । খাদ্যৰ লগতে বহুলোকে পৰ্যাপ্ত ঔষধ-পাতি ক্ৰয়ৰ ক্ষেত্ৰতো সমস্যাৰ সন্মূখীন হয়। এনে ক্ষতিগ্ৰস্ত জনতাক বিভিন্নজনে খাদ্য সামগ্ৰী যোগান ধৰে। কিন্তু লক ডাউনৰ এই জটিল সময়চোৱাত দৰিদ্ৰ ৰোগীসকলৰ বাবে দ্যা ৰয়েল এফেয়াৰ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। 



সংস্থাটোৱে বিনামূলীয়াকৈ কামৰূপ মহানগৰ এলেকাৰ একেবাৰে পিছপৰা শ্ৰেণীৰ ৰোগীসকলক জৰুৰীকালীন ঔষধ যোগান ধৰে। বিগত তিনিমাহ ধৰি এনেদৰেই সংস্থাটোৱে ঔষধ বিতৰণ কৰি আছে। বিশেষকৈ ৰক্তচাপ, ব্লাড চুগাৰ, থায়ৰড আদি জৰুৰীকালীন ৰোগৰ ঔষধ বিনামূলীয়াকৈ যোগান ধৰে দ্যা ৰয়েল এফেয়াৰে। চৰকাৰী নিয়ম-নীতি মানি দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়ালে সংস্থাটোৱে। উল্লেখ্য যে বিশিষ্ট চিকিৎসক ডাঃ প্ৰাকৃতিষ বৰাৰ তত্বাৱধানত স্বেচ্ছাসেৱী সংস্থাটোৱে এই পদক্ষেপ সফলতাৰে সম্পন্ন কৰে। দ্যা ৰয়েল এফেয়াৰৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।

No comments:

Post a Comment

SPONSORED