কংগ্ৰেছ–AIUDFৰ মিত্ৰতা আৰু AJP গঠনে বিজেপিৰ টোপনি হৰিছে : আৰ পি শৰ্মাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, September 28, 2020

কংগ্ৰেছ–AIUDFৰ মিত্ৰতা আৰু AJP গঠনে বিজেপিৰ টোপনি হৰিছে : আৰ পি শৰ্মাই

 আই টি চেলে ডুবাব ৰাজ্যিক বিজেপিক’ – বিজেপিৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য আৰ পি শৰ্মাৰ


গুৱাহাটী :কংগ্ৰেছ–AIUDFৰ মিত্ৰতা আৰু AJP গঠনে বিজেপিৰ টোপনি হৰিছে বুলিও মন্তব্য কৰে আৰ পি শৰ্মাই৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহ নহয়, নীতিন গাডকাৰীহে হৈছে RSSৰ পছন্দৰ প্ৰাৰ্থী৷ ২০২৪ত নীতিন গাডকাৰীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে RSS–এ সমৰ্থন জনোৱাৰ সম্ভাৱনা আছে৷ সেয়া হৈ নুঠিলে কংগ্ৰেছকে সমৰ্থন কৰিব RSS–এ৷ দীৰ্ঘদিনে RSSৰে জড়িত প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাই কৰিলে এই বিষ্ফোৰক মন্তব্য৷

নাগপুৰত RSSৰ মাৰ্গদৰ্শন সভাত ইতিমধ্যে এই সম্পৰ্কে আলোচনা হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত BJPৰ শেহতীয়া কাম-কাজক লৈ RSS অসন্তুষ্ট হোৱা বুলিও ক’লে আৰ পি শৰ্মাই৷২০২১ত অসমত কোনে গঠন কৰিব চৰকাৰ? এশ শতাংশ নিশ্চিতি দি কংগ্ৰেছী নেতা আৰ পি শৰ্মাই কংগ্ৰেছৰ নেতৃত্বতে অসমত চৰকাৰ গঠনৰ দাবী কৰিলে৷ অসমত বিজেপিক ডুবাব কোনে? সেয়াও ক’লে আৰ পি শৰ্মাই৷ ক’লে – ‘অসমত বিজেপিৰ IT Cell–এ ডুবাব দলটোক৷’

আইটি চেল প্ৰসংগত আৰ পি শৰ্মাই তেওঁক ছচিয়েল মিডিয়াত কৰা ট্ৰ’ল সম্পৰ্কে উল্লেখ কৰে৷ বাঘৰ লগত তুলনা কৰি ভালপোৱা আৰ পি শৰ্মাই সেয়ে কলে “বাঘৰ বিৰুদ্ধে শিয়ালে যুঁজিব আহে৷”

BJPত এতিয়া কোনো অনুশাসন নাই - এই অভিযোগো কৰিলে আৰ পি শৰ্মাই৷ বিজেপিৰ আইটি চেল এটা ‘ডাৰ্টী ডিপাৰ্টমেণ্ট’ আৰু এই আইটি চেলে সম্পৰ্কত ৰাজ্যিক সভাপতি ৰণজিত দাসক অভিযোগ দিয়াৰ কথাও উল্লেখ কৰে আৰ পি শৰ্মাই৷

আনহাতে, কংগ্ৰেছ–AIUDFৰ মিত্ৰতা আৰু AJP গঠনে বিজেপিৰ টোপনি হৰিছে বুলিও মন্তব্য কৰে আৰ পি শৰ্মাই৷

No comments:

Post a Comment

SPONSORED