SI পৰীক্ষা কেলেংকাৰী : আটক পি কে দত্তৰ গাড়ীচালকক
গুৱাহাটী : এছ আই পৰীক্ষাৰ তদন্ত্ই তীব্ৰ গতি লাভ কৰিছে৷ এইবাৰ পি কে দত্তৰ গাড়ীচলক আনোৱাৰ আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ দলগাঁও আৰক্ষীয়ে পাত্ৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে আনোৱাৰক৷
সম্প্ৰতি অপৰাধ শাখাৰ জিম্মাত আছে পি কে দত্তৰ গাড়ীচালকজন৷ জানিব পৰা মতে, 3rd APTFৰ গাড়ীচালক আছিল আনোৱাৰ আলী৷ অভিযুক্ত পিকে দত্ত APTFত কামাণ্ডেন্ট হিচাপে থকাৰ পৰা চালক আনোৱাৰ আছিল দত্তৰ লগত
ইপিনে আনোৱাৰৰ পৰা উদ্ধাৰ কৰা হৈছে এখন গাড়ীও৷ সন্দেহ কৰা মতে, এই গাড়ীখনেৰেই পিকে দত্তৰ পত্নীয়ে পলায়ন কৰিছিল৷ অপৰাধ শাখাই দত্তৰ ঘৰত অভিযান চলোৱাৰ নিশা পলায়ন কৰিছিল তেওঁৰ পত্নীয়ে৷
No comments:
Post a Comment