মন্ত্ৰী পীযূষে নিৰ্বাচনী প্ৰচাৰ চলালে কোভিড নিবিয়পে আৰু কংগ্ৰেছ-AIUDF–এ চলালে বিয়পে :দুৰ্গা দাস বড়ো - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, September 21, 2020

মন্ত্ৰী পীযূষে নিৰ্বাচনী প্ৰচাৰ চলালে কোভিড নিবিয়পে আৰু কংগ্ৰেছ-AIUDF–এ চলালে বিয়পে :দুৰ্গা দাস বড়ো

মন্ত্ৰী পীযূষ হাজৰিকাই BTCত চলাইছে নিৰ্বাচনী প্ৰচাৰ, কোভিড কি বিয়পা নাই তাত?’

 

মন্ত্ৰী পীযূষক এনেদৰে সমালোচনা কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এজাউৰি দিলে দুৰ্গা দাস বড়োৱে৷
BTCত শনি আৰু দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকাই৷ কোভিড–১৯ৰ গাইডলাইনক উলংঘা কৰি হাজাৰ হাজাৰ মানুহ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই দেওবাৰে পীযূষে সদম্ভে ঘোষণাই কৰি দিলে - “এইবাৰ BTCত সকলো দল নিঃশেষ হৈ যাব৷ BJP–এ দখল কৰিব BTCৰ শাসনৰ বাঘজৰী৷”
 

পীযূষ হাজৰিকাৰ এই ঘোষণাৰ পিছত জাঙুৰ খাই উঠিল প্ৰদেশ কংগ্ৰেছ৷ পীযূষক সৰু মন্ত্ৰী বুলি কৈ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা BTCৰ দায়িত্বত থকা কংগ্ৰেছী নেতা দুৰ্গা দাস বড়োৱে ক'লে- "সৰু মন্ত্ৰী পীযূষে নিৰ্বাচনী প্ৰচাৰ চলালে কোভিড নিবিয়পে আৰু কংগ্ৰেছ-AIUDF–এ চলালে বিয়পে৷ এয়া কেনে কথা?"

মন্ত্ৰী পীযূষক এনেদৰে সমালোচনা কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এজাউৰি দিলে দুৰ্গা দাস বড়োৱে৷ দুৰ্গা দাস বড়োৱে ক'লে- "এফালে হিমন্তই চিঠি লিখি BTC নিৰ্বাচন পিছুৱাব লাগে বুলি কৈছে৷ আনপিনে তেওঁৰে সৰু মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছে৷ এয়া ডাবল ষ্টেণ্ডাৰ্ড৷”
এতিয়া এনেদৰেই চলিছে BTCত নিৰ্বাচনী বতাহ৷ BTC দখলৰ মাৰাথন দৌৰ৷ পিছে ৰাজ্যিক নিৰ্বাচনী আয়োগে কেতিয়া অনুষ্ঠিত কৰে নিৰ্বাচন? সেয়া এতিয়াও অস্পষ্ট৷

No comments:

Post a Comment

SPONSORED