প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ Ig’ Nobel 2020 - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 21, 2020

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ Ig’ Nobel 2020

নতুন দিল্লী : ২০২০ চনৰ নবেল পুৰস্কাৰ পালে আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্র মোদীয়ে। এই নবেল কিহৰ বাবে জানেনে ? এই নবেল চিকিৎসা ব্যৱস্থাৰ গবেষণা আৰু তাৰ অসামান্য অবদানৰ বাবে। আপুনি ভুৱা খবৰ বুলি ভাৱিছে নেকি ? এয়া একেবাৰেই ভুৱা নহয় ৷ ভাৰতৰ প্রধানমন্ত্রীৰ লগতে এই পুৰস্কাৰ লাভ কৰিছে তেওঁৰ বন্ধু ডোনাল্ড ট্রাম্পেও। তাৰোপৰি এই নোবেল শান্তি পুৰস্কাৰ লাভ কৰিছে ব্রাজিল, মেক্সিকো, বেলাৰুছ, টার্কি, তুর্কমেনিস্তানৰ প্রশাসনিক প্রধান সকলেও। 

 

 এনালছ অফ ইমপ্রবেবল ৰিছার্চ (Annals of Improbable Research) মেগাজিনৰ তৰফৰ পৰা প্রতিবছৰে আই.জি নোবেল পুৰস্কাৰ বিতৰণ কৰে ৷ কিন্তু এয়া সম্পূৰ্ণৰূপেই ব্যঙ্গাত্মক পুৰস্কাৰ। সেইবাবেই ইয়াৰ নাম দিয়া হৈছে আই.জি নবেল (Ig Nobel Prizes)। কোনো বিষয়ত এখন দেশৰ প্রধানজন যেতিয়া সম্পূর্ণ ব্যর্থ হয়, তেতিয়া তেওঁৰ হাতত তুলি দিয়া হয় এই নবেল পুৰস্কাৰ ৷ ভাৰতৰ স্বাস্থ্যসেৱাৰ পৰিকাঠামোৰ চিত্র সমগ্ৰ বিশ্বতে যিধৰণে প্রকাশ কৰিছে, তাৰ ওপৰত ভিত্তি কৰিয়েই নৰেন্দ্র মোদীক এই পুৰস্কাৰ আগবঢ়াইছে জনপ্রিয় মেগাজিনখনে। কোভিড-১৯ৰ মোকাবিলাত অসাধাৰণ সাফল্য লাভ কৰি ভাৰতক গ্রাফৰ প্রথম তিনিলৈ উঠাই অনা, তথ্য গোপন কৰা আৰু বাস্তৱৰ মুখামুখি নহৈ কোভিড-১৯ক লৈ আজব তথ্য প্ৰচাৰ কৰা বিষয়বোৰৰ ওপৰত ভিত্তি কৰিয়েই মোদীয়ে এই পুৰস্কাৰ লাভ কৰিছে বুলি বাংলা হেৰাল্ড নামৰ এক সংবাদগোষ্ঠীয়ে প্ৰকাশ কৰিছে ৷ অথচ আমাৰ অসমৰ বাতৰি কাকতে এই ব্যংগাত্মক পুৰস্কাৰকো মোদীলৈ সন্মান জনোৱা বুলিহে প্ৰচাৰ কৰিছে ৷ এওঁলোকে আচলতে নাজানেই যে আই.জি নবেল প্ৰাইজ কি আৰু কিয় দিয়া হয় ৷

No comments:

Post a Comment

SPONSORED