শালিধান খেতিত পোকৰ উপদ্ৰৱ : বজাৰত কৃষিবিভাগৰ ঔষধৰ চোৰাং বেহা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 22, 2020

শালিধান খেতিত পোকৰ উপদ্ৰৱ : বজাৰত কৃষিবিভাগৰ ঔষধৰ চোৰাং বেহা

বৰপেটাত পোকৰ অত্যাচাৰত অতিষ্ঠ কৃষক 

 

সেখ ৰহমত উল্লাহ, বৰপেটা : 
শালিধানৰ সঁজাল ধৰাৰ সময়ত পাত চেলেকিখোৱা আৰু মজা খোৱা পোকৰ অত্যাচাৰত একপ্ৰকাৰৰ হাহাকাৰৰ সৃষ্টি কৰিছে৷ বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে পাৰে বিস্তৃত এলেকাত শ শ বিঘা শালি ধানখেতিত পোকৰ উপদ্ৰৱ আৰম্ভ হৈছে৷ বিশেষকৈ দক্ষিণ বৰপেটাৰ গহেৰপাম, মাইলকুছি, পালহাজী, ডক্ৰেশ্বৰ, বেলৰতাৰী, পাজাৰভাঙা, গৰেমাৰী পথাৰ, গৰেমাৰী হাবি, ৰহমপুৰ,যাদৱপুৰ,কাঞ্চনপুৰ আদি অঞ্চলত শ শ বিঘা শালি ধানখেতিত এতিয়া ধানৰ পাত চেলেকি খোৱা আৰু মজা খোৱা পোকে বিৰাট উপদ্ৰৱ চলাই আছে৷ ক্ৰমাগতভাৱে চাৰিবাৰকৈ বানে বিধস্ত কৰাৰ পিছত খেতিয়কৰ কঠীয়াৰ নাটনি হৈছিল৷ বিভিন্ন জিলাৰ পৰা কঠীয়া যোগাৰ কৰিও কৃষকে শালিধান ৰোপণ কৰিলে ৷ শালিধানৰ সঁজাল ধৰাৰ সময়ত এই পাত চেলেকি খোৱা আৰু মজা খোৱা পোকৰ অত্যাচাৰত একপ্ৰকাৰৰ হাহাকাৰৰ সৃষ্টি হৈছে৷ 

বৰপেটা, নগাঁও,চেঙা আৰু বাঘবৰ ৰাজহচক্ৰৰ অধীনস্থ এলেকা সমূহত এই পোকৰ উপদ্ৰৱ বেছিকৈ দেখা পোৱা গৈ আছে৷ আধা ইঞ্চিৰ পৰা দেৰ দুই ইঞ্চিৰ দৈৰ্ঘৰ বগা প্ৰায় কেচুৰ দৰে দেখাত এই পোক বোৰে বেছিভাগ ৰাতিৰ ভাগত ধানগছৰ পাত চেলেকি খায় আৰু দিনৰ ভাগত তলফালে গৈ লুকাই থাকে৷ আনফালে মজাখোৱা পোকবোৰে মাটিৰ তলত ধানগছৰ জোপোহাৰ মাজৰ লুকাই মজাবোৰ খাই দিয়ে৷ এটা সময়ত দুয়োটা উপদ্ৰৱত ধানৰ পাতবোৰ ৰ’দৰ তাপত খেৰ হৈ পৰে ৷ 

খেতিয়ক সকলে বৰ্ণনা কৰামতে তেওলোকে ওচৰত সহজলব্য ৰাসায়নিক সাৰ বিক্ৰী কৰা প্ৰতিষ্ঠানৰ পৰা কেনন জাতীয় ঔষধ স্প্ৰে কৰি দিছে ৷ একসপ্তাহমান পিছত পুনৰাবৃত্তি হোৱা বুলি আক্ষেপ কৰাৰ লগতে এনে পৰিস্থিতিৰ বাবে মূৰে কপালে হাত দিছে কৃষক সকলে৷ কৃষি বিভাগৰ ক্ষেত্ৰ সহায়ক, বিষয়া সকলে এইবোৰ সমস্যাৰ প্ৰতি মুঠেই কানসাৰ নিদিয়ে৷ পথাৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকবোৰে কৃষি বিভাগৰ হৈছে একাকাৰ হৈ চৰকাৰী আঁচনিৰ বীজবোৰ কেনেকৈ ভাগ-বতৰা কৰি খাব পাৰি তাকে লৈ ব্যস্ত থকা দেখা যায় বুলি অভিযোগ উঠিছে৷ 



খেতিয়কৰ উন্নতিৰ অবিহনে দেশৰ অৱস্থাৰ উন্নত হ’ব নোৱাৰে ৷দেখাত আমাৰ অসমত বিৰাট বিয়াগোম বিভাগ এটি আছে ৷ তেওলোকে খেতিয়কৰ পথাৰৰ উন্নতিৰ কথাটো তল পেলাই ব্যক্তিগত ভাবে কেনেকৈ ধন ঘটিব পাৰি তাকে লৈ ব্যস্ত থকা দেখা যায় আৰু তাৰ উদাহৰণ কৃষকৰ নামত ট্ৰেক্টৰ/কৃষক সন্মাননিধি আদি কেলেংকাৰীবোৰ৷ প্ৰধানমন্ত্ৰীৰ সবকা সাথ সবকা বিকাশ এইবোৰ নীতি এই অঞ্চলত প্ৰয়োগ কৰা হোৱা নাই বুলি অভিযোগ কৰিছে খেতিয়ক সকলে৷শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা বাহিৰত আহি খেতিয়কৰ খেতিৰ সমস্যাবোৰ সমাধান কৰাৰ বাবে আহ্বান জনাইছে দক্ষিণ বৰপেটাৰ শ শ কৃষিকৰ্মৰ লগত জড়িত খেতিয়ক সকলে ৷

No comments:

Post a Comment

SPONSORED