কাগজ কলৰ সন্দৰ্ভত পীযুষ হাজৰিকাৰ মন্তব্য- ‘মই কাগজ কলটোৰ বাবে প্ৰতিদিনাই লাগি আছো। - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 12, 2020

কাগজ কলৰ সন্দৰ্ভত পীযুষ হাজৰিকাৰ মন্তব্য- ‘মই কাগজ কলটোৰ বাবে প্ৰতিদিনাই লাগি আছো।

 কাগজ কলৰ সন্দৰ্ভত পীযুষ হাজৰিকাৰ মন্তব্য- ‘মই কাগজ কলটোৰ বাবে প্ৰতিদিনাই লাগি আছো। বহু উদ্যোগ পতিক কাগজ কলটোৰ বিষয়ে অনুৰোধ কৰিছো তেওঁলোকে আহি চাই গৈছে। কিন্তু কাৰিকৰী আৰু শ্ৰমিকক দিবলগীয়া হৈ থকা বৃহৎ ধনৰ বাবে গা পাতি লোৱা নাই কোনোৱে। কাগজ কলৰ কৰ্মচাৰীৰ বিপদে আপদে মই তেওঁলোকৰ লগত আছো।’



শনিবাৰে মৰিগাঁও জিলা বিজেপিৰ কাৰ্যনিৰ্বাহকত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ পীয়ুষ হাজৰিকা। মন্ত্ৰী হাজৰিকাই বিজেপিৰ কাৰ্যনিৰ্বাহকত উপস্থিত হৈ কোৰোনাৰ বাবে সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰে।


সাংবাদিকৰ আগত তেওঁ কয় যে, কোভিড-১৯ৰ ৰোগীৰ বাবে আই.চি.ইউ আৰু সাধাৰণ  বিচনা সকলো আছে। আনহাতে, কোভিড-১৯ত আক্ৰান্ত জটিল ৰোগীৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত প্ৰতিদিনাই খালী হৈছে ৫০-৬০খনকৈ বিচনা। আৰু আই.চি.ইউ. খালী নাই বুলি কৰা অভিযোগো মিছা।

ইফালে, আছুৰ নতুন ৰাজনৈতিক দলৰ সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই কয়- ‘তেখেত লোকে এতিয়াও স্পষ্ট কৰিব পৰাই নাই নেকি দল গঠন কৰিব নে নকৰে। আছুৱে দল খুলিলে মই আৰু আমাৰ দলে ভয় নকৰো। বিজেপিলৈ যিটো হাৰত মানুহৰ সোঁত বৈছে আন দলত মানুহেই নাথাকিব। মানুহ বিজেপিৰ লগত আছে এতিয়া। ২০০ শতাংশ নিশ্চিত আমি চৰকাৰ বনাম। নতুন দল সমূহে আমাক একো কৰিব নোৱাৰে আৰু দূৰ দূৰণিলৈ আহিব নোৱাৰে।’



No comments:

Post a Comment

SPONSORED