বিশিষ্ট শিক্ষাবিদ, বৰপেটা এম চি কলেজৰ প্ৰাক্তন অধ্যক্ষ অৰ্জুন দাসৰ দেহাৱসান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 12, 2020

বিশিষ্ট শিক্ষাবিদ, বৰপেটা এম চি কলেজৰ প্ৰাক্তন অধ্যক্ষ অৰ্জুন দাসৰ দেহাৱসান

জিএমচিএইচত শেষ নিশ্বাস ত্যাগ বিশিষ্ট শিক্ষাবিদ অৰ্জুন দাসৰ, অসম নাট্য সন্মিলনৰ শোক প্ৰকাশ…

বিশিষ্ট শিক্ষাবিদ, বৰপেটা এম চি কলেজৰ প্ৰাক্তন অধ্যক্ষ অৰ্জুন দাসৰ দেহাৱসান। শনিবাৰে আৱেলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলি কয়।





শিক্ষাবিদ গৰাকীৰ মৃত্যুত বৰপেটাবাসীয়ে এগৰাকী অভিভাৱক হেৰুৱালে বুলি মন্তব্য কৰে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে।। লগতে অৰ্জুণ দাসৰ পবিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁ৷ তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে অসম নাট্য সন্মিলনে। 

No comments:

Post a Comment

SPONSORED