অৱশেষত আৰক্ষীৰ জালত পৰিল SI চাকৰিৰ নামত ৪ লাখ টকা দাবী কৰা মনোজ তামুলী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 13, 2020

অৱশেষত আৰক্ষীৰ জালত পৰিল SI চাকৰিৰ নামত ৪ লাখ টকা দাবী কৰা মনোজ তামুলী

 অৱশেষত আৰক্ষীৰ জালত পৰিল SI চাকৰিৰ নামত ৪ লাখ টকা দাবী কৰা মনোজ তামুলী

শনিবাৰে নিশা লখিমপুৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে মনোজ তামুলীক।

অৱশেষত আৰক্ষীয় জালত পৰিল অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত ৪ লাখ টকা দাবী কৰা মনোজ তামুলী নামৰ এটা প্ৰৱঞ্চক। শনিবাৰে নিশা লখিমপুৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে মনোজ তামুলীক। মনোজ তামুলীৰ ঘৰ লখিমপুৰৰ আজাদ অঞ্চলৰ ৰাজখোৱা গাঁৱত।

উল্লেখযোগ্য যে, নিজকে অসম আৰক্ষীৰ লোক বুলি চিনাকী দিয়াৰ লগতে চাকৰি দিয়াৰ নামত বহুতৰ পৰা ধন আদায় কৰাৰ কৌশল ৰচনা কৰিছিল মনোজে। ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল এটা অডিঅ’ ক্লীপ। ইয়াৰ পিছতে সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। কিন্তু শনিবাৰে নিশাই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মনোজ তামুলী নামৰ দালাল জনক।

বৰ্তমান আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে মনোজ তামুলীক। আৰক্ষীৰ সন্দেহ, এই ক্ষেত্ৰত জড়িত হৈ আছে এটা বৃহত্‍ প্ৰৱঞ্চকৰ দল। এতিয়া আৰক্ষীয়ে এনেধৰণৰ ভুৱা বাতৰি ৰাইজক বিশ্বাস নকৰিবলৈ অনুৰোধ জনাইছে।




No comments:

Post a Comment

SPONSORED