এইবাৰ উদযাপন কৰিব পৰা হ’বনে দুৰ্গা পূজা? অক্টোবৰত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা মন্ত্ৰী হিমন্তৰ
পূৰ্বৰ দৰে দুৰ্গা পূজা আয়োজন কৰিলে হ’ব বিপদ!
শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। পিছে এইবাৰ আগৰ দৰে উদযাপন কৰিব পৰা হ’বনে দুৰ্গা পূজা? শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত কৰিলে বিশেষ মন্তব্য।
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যত এই পৰ্যন্ত কোভিডত মৃত্যু হ’ল ৪৩০
গৰাকীৰ ৷ আগষ্ট মাহত ৬৮ হাজাৰ লোক আক্ৰান্ত হৈছিল কোৰোণাত। কিন্তু আগষ্ট মাহতকৈও ছেপ্তেম্বৰ মাহত কোৰোণাত আক্ৰান্তৰ সংখ্যা ভয়ংকৰ গতিত বাঢ়িছে। ছেপ্তেম্বৰ মাহত এই পৰ্যন্ত ২৯ হাজাৰ লোকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। গতিকে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ শাৰদীয় দুৰ্গা পূজা ৰাজহুৱা কৈ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
পূজাৰ প্ৰসাদ সকলোকে ঘৰতে খোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, ‘মন্দপৰ বিপৰীতে ঘৰতে দিয়ক মা’ৰ পূজা ৷ অন্যথা ভযংকৰ হ’ব পৰিস্থিতি ৷ কাৰণ ছেপ্তেম্বৰ মাহত কোভিডৰ বিপৰীতে যুঁজিব পৰাকৈ কোনো মতে ব্যৱস্থা কৰা হৈছে ৷ অক্টোবৰৰ পৰিবেশৰ সৈতে যুঁজিবলৈ চিন্তা চৰ্চা চলি আছে। কিন্তু পূজাৰ সময়ত যদি হঠাৎ ভয়ংকৰ হাৰত বৃদ্ধি হয়, তেন্তে ৰাজ্যখনত জটিল হৈ পৰিব পৰিস্থিতি।
No comments:
Post a Comment