আকৌ চিকিত্‍সালয়ত ভৰ্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 13, 2020

আকৌ চিকিত্‍সালয়ত ভৰ্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ


কিছুদিন পূৰ্বে অমিত শ্বাহৰ কোৰোণা ৰিপৰ্টকলৈ দেশজুৰি বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

আকৌ হাস্পতালত ভৰ্তি হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দিল্লীৰ এইমছৰ পৰা যোৱা ৩১ আগষ্টত কোৰোণা চিকিত্‍সাৰ অন্তত অমিত শ্বাহক ৰিলিজ দিয়া হৈছিল। কিন্তু আকৌ স্বাস্থ্য অৱনতি ঘটাত শনিবাৰে নিশা ১১ বজাত নাগাদ হাস্পতালত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক।

উল্লেখযোগ্য যে,  কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছত চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল। স্বাধীনতা দিৱসৰ আগদিনা ৰিপৰ্ট নিগেটিভ অহাত চিকিত্‍সালয়ৰ পৰা ঘৰলৈ উভতি যাবলৈ দিয়া হয় গৃহমন্ত্ৰীগৰাকীক। কিন্তু আকৌ শাৰীৰিক ভাবে অসুস্থ হৈ পৰাত যোৱা ১৭ আগষ্টত পুনৰ চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোৰোণা ৰিপৰ্টকলৈ দেশজুৰি বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। অমিত শ্বাহৰ স্বাস্থ্যৰ আপডেট সন্দৰ্ভত টুইট কৰিছিল বিজেপি সাংসদ মনোজ তিৱাৰীয়ে। টুইটাৰত লিখিছিল যে, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ কোৰোণা ৰিপৰ্ট নিগেটিভ আহিছে। কিন্তু তাৰ পিছতে হাস্পতাল কৰ্তৃপক্ষৰ ফালৰ পৰা জনাই যে, ‘গৃহমন্ত্ৰীৰ কোৰোণা পৰীক্ষা কৰোৱাই হোৱা নাই।’ পিছত নিজৰ টুইটৰ বাবে ক্ষমা খোজে বিজেপি সাংসদগৰাকীয়ে।



No comments:

Post a Comment

SPONSORED