বৃক্ক ৰোগত আক্ৰান্ত : সহায় বিছাৰি কাতৰ আহ্বান অসহায় বৃদ্ধা মহিলা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 16, 2020

বৃক্ক ৰোগত আক্ৰান্ত : সহায় বিছাৰি কাতৰ আহ্বান অসহায় বৃদ্ধা মহিলা


ছাবিনা ইয়াছমিন: 

অসহায় এগৰাকী বৃদ্ধা মহিলা৷ সহায় বিছাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ৷ ডবকাৰ দক্ষিন ভেদৌআটিৰ হোজাই সমষ্টিৰ হিন্দু ব্লক পঞ্চায়তৰ ২নং ৱাৰ্ডৰ ছাৰবোন নেছা  নামৰ এই গৰাকী বৃদ্ধা মহিলা৷ মহিলা গৰাকীৰ এটা কিডনি বিকল  হৈ পৰিছে৷  যাৰ বাবে  বৃদ্ধা গৰাকীয় আজি নিৰুপায় ৷

যিমান সামৰ্থ আছিলে সকলো শেষ কৰাৰ  পিছতো সুস্থ হৈ নুঠিল বৃদ্ধা গৰাকী৷  এতিয়া  বৃদ্ধা গৰাকীৰ চকুত মাত্ৰ অশ্ৰুৰ বন্যা৷ টকাৰ অভাৱত উচ্চ চিকিৎসাৰ পৰা বঞ্চিত বৃদ্ধা গৰাকী৷ পৰিতাপৰ বিষয় যে মহিলা গৰাকীক চোৱা চিতা কৰিবলৈ একমাত্ৰ জীয়ৰীয়েই সাৰথি৷ এতিয়া বৃদ্ধা  মহিলা গৰাকীৰ প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ৷ এতিয়া অপাৰেচনৰ কাৰণে প্ৰয়োজন হৈছে বহু টকাৰ৷ সেয়ে উপায়হীন হৈ সহায়ই বিছাৰিছে হৃদয়বান ব্যক্তিৰ লগতে অসম চৰকাৰলৈ৷

 যদি কোনো হৃদয়বান লোকে সহায় কৰিব বিছাৰে বৃদ্ধা গৰাকীক তেন্তে UBI ডবকা শাখাৰ 0290010082341 IFSC:- UTBI0DOB350 একাউন্টত সহায় আগ বঢ়াব পাৰে৷ নতুবা  9127437083 নম্বৰত যোগাযোগ কৰি সহায় কৰিব পাৰে৷


No comments:

Post a Comment

SPONSORED