হাতত কোৰ লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 16, 2020

হাতত কোৰ লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী

মৰিয়নী : নকছাৰী দেবেৰাপাৰ চাৰিআলিৰ পৰা টীয়ক বলমা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্টানী পথটো মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছিল।


এইবাৰ শ্ৰমিকৰ ৰূপত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। এজন সাধাৰণ শ্ৰমিকৰ দৰে পিন্ধনত হাফ পেণ্ট, মূৰত পাগুৰি মাৰি হাতত কোৰ-বেলচা লৈ মেৰামতি কৰিছে এটা পথ। কোৰ লৈ খান্দিছে পথৰ কাষৰ খাল। মূৰত শিলৰ টুকুৰী লৈ পুতিছে গাত। বিধায়কগৰাকী এনেদৰে মঙলবাৰে দিনটো ব্যস্ত হৈ পৰে মৰিয়নী আৰু টীয়ক সমষ্টি সংযোগী টি বি এন নামেৰে জনাজাত গড়কাপ্টানী বিভাগৰ পথটো মেৰামতি কৰাত।

উল্লেখ্য যে, নকছাৰী দেবেৰাপাৰ চাৰিআলিৰ পৰা টীয়ক বলমা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্টানী পথটো মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছিল। ফলত পথটোত দ দ গাঁতৰ সৃষ্টি হোৱাত নকছাৰী অঞ্চলবাসীয়ে দীৰ্ঘদিনে যাতায়াতৰ নামত ভুগি আহিছে চৰম দুৰ্ভোগ। পথটো মেৰামতিৰ দাবীত আছু, বীৰ লাচিত সেনাকে ধৰি কেইবাটাও দল–সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু ইয়াৰ পিছতো গা লৰা নাছিল গড়কাপ্টানী বিভাগৰ।

আনহাতে, তিনিবাৰকৈ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে ৰাইজৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক হিচাপে পথটো মেৰামতি কৰিব নোৱাৰা বুলি নিজে স্বীকাৰ কৰা লগতে গড়কাপ্টানী বিভাগক ক'লেও গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰে।

আনহাতে, পথ মেৰামতিৰ বাবে পুঁজি মুকলি কৰি নিদিয়ে বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে বিধায়কগৰাকীয়ে। বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বিধায়ক ৰূপজ্যোতিয়ে আজি এজন সাধাৰণ শ্ৰমিকৰ দৰে হাতত কোৰ-বেলচা লৈ পথ মেৰামতি কৰা কাৰ্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয়।

No comments:

Post a Comment

SPONSORED