"ঘৰে ঘৰে আমি" বাক্যটো ঘৰ ঘৰ মোদীৰ পৰা কপি পেষ্ট কৰিছে নেকি অসম জাতীয় পৰিষদে? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 19, 2020

"ঘৰে ঘৰে আমি" বাক্যটো ঘৰ ঘৰ মোদীৰ পৰা কপি পেষ্ট কৰিছে নেকি অসম জাতীয় পৰিষদে?

ছাত্ৰ-ছাত্ৰীৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে পাব সম মৰ্যদা, AJP হ’ব একক আৰু অনন্য আঞ্চলিক শক্তি

অসম জাতীয় পৰিষদ চমুকৈ AJP। নৱেম্বৰত AJPৰ জাতীয় ৰাজনৈতিক অধিৱেশন অনুষ্ঠিত হ’ব। অসমৰ ভূমিত AJP হ’ব একক আৰু অনন্য। এই দাবী নৱগঠিত আঞ্চলিক দল AJPৰ সমন্বয়ক তথা প্ৰাক্তন পৰ্যটন মন্ত্ৰী জগদীশ ভূঞাৰ। AJPৰ সমন্বয়কৰ দায়িত্বত থকা জগদীশ ভূঞাৰ মতে, নতুন আঞ্চলিক দলটোত ছাত্ৰ-ছাত্ৰীৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে পাব সম-মৰ্যদা। সকলো জাতি জনগোষ্ঠীকলৈ এই দলৰ লক্ষ্য হ’ব ২০২১ত দিছপুৰত চৰকাৰ গঠন কৰা।

AJPৰ নাম প্ৰকাশৰ পিছতেই বিজেপিৰ বহু নেতাই দলটোৰ সন্দৰ্ভত কৰিছে বিভিন্ন ধৰণৰ মন্তব্য। ইয়াৰ প্ৰত্যুত্তৰত জগদীশ ভূঞাই কয় যে, নৱ গঠিত দলটোৰ যদি প্ৰাসংগিকতাই নাই তেন্তে দলটোকলৈ অযথা হৈ-চৈ কিয় বিজেপিৰ? অগপ চৰকাৰৰ প্ৰাক্তন পৰ্যটন মন্ত্ৰী জগদীশ ভূঞাৰ মতে, আনক তুচ্ছ তাচ্ছিল্লৰে নিকৃষ্ট ৰাজনীতি কৰিছে বিজেপিয়ে।‘অগপ দলটোক একাংশ নেতাই ধ্বংস কৰি পেলালে। দলটোৰ গৰিষ্ঠ সংখ্যক নেতা কৰ্মীয়ে অচিৰেই যোগ দিব অসম জাতীয় পৰিষদত।’-এই দাবী জগদীশ ভূঞাৰ।

ঘৰে ঘৰে আমি" বাক্যটো ঘৰ ঘৰ মোদীৰ পৰা কপি পেষ্ট কৰিছে নেকি অসম জাতীয় পৰিষদে?

ইয়াৰ উত্তৰত সমন্বয়ক জগদীশ ভূঞাই কয় যে, ‘দুয়োটা বাক্যৰ কোনো মিল নাই। লগতে তেওঁ বিজেপিক প্ৰশ্ন কৰে যে, ঘৰ ঘৰ মোদী তেওঁলোকে লিখে বুলিয়েই ‘ঘৰে ঘৰে আমি’ AJP য়ে লিখিব নোৱাৰো বুলি বিজেপিয়ে কিবা কপি ৰাইট লৈ থৈছে নেকি?

No comments:

Post a Comment

SPONSORED