নগাঁৱৰ ৰাঙলুত ৰাইজে হাতে-লোটে ধৰিলে তিনি গৰু চোৰক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, September 18, 2020

নগাঁৱৰ ৰাঙলুত ৰাইজে হাতে-লোটে ধৰিলে তিনি গৰু চোৰক

নগাঁও : নগাঁৱৰ ৰাঙলুত বৃহস্পতিবাৰে নিশা গৰুসহ তিনিটা চোৰ আটক কৰে৷ স্থানীয় লোকে হাতে-লোটে ধৰি গভাইত চোৰকেইটাক উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ৰাঙলুৰ বিভিন্ন অঞ্চলত এটা বৃহৎ চুৰি চক্ৰই গৰু চোৰ কৰি সন্ত্ৰাস সৃষ্টি কৰিছিল৷ আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ 

বৃহস্পতিবাৰে নিশা গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় লোকে গৰু চুুুৰি কৰিবলৈ আহোতেই হাতে–লোটে আটক কৰে চোৰকেইটাক।ইপিনে, আৰক্ষীয়ে নিশাই নগাঁৱলৈ প্ৰেৰণ কৰে ধৃত চোৰ কেইটাক৷ পুৱা শতাধিক গাঁওবাসীয়ে চোৰ চাবলৈ থানালৈ আহি চোৰ নাপাই ক্ষুব্ধ হৈ পৰে। ধৃত চোৰ কেইটা ক্ৰমে আব্দুল আজিজ(২৬) ৰহমান আলী(২৩) আৰু মঞ্জুল হক (২০)৷

No comments:

Post a Comment

SPONSORED