দেশত কৃষি আৰু দিন হাজিৰাৰ সৈতে জড়িত ৪৩ হাজাৰ লোকৰ আত্মহত্যা! - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 3, 2020

দেশত কৃষি আৰু দিন হাজিৰাৰ সৈতে জড়িত ৪৩ হাজাৰ লোকৰ আত্মহত্যা!

নতুন দিল্লী: কৃষি আৰু দিন হাজিৰাৰ কামৰ সৈতে জড়িত দেশৰ প্ৰায় ৪৩ হাজাৰ লোকে আত্মহননৰ পথ বাছি লোৱাৰ উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৱে(এনচিআৰবি)৷ ২০১৯ চনত এই ক্ষেত্ৰসমূহৰ সৈতে জড়িত ৩২,৫৩৬ জন লোকে আত্মহত্যা কৰাৰ কথা সংস্থাটোৱে প্ৰকাশ কৰিছে৷


২০১৮ চনৰ তুলনাত দেশত এনে মৃত্যুৰ হাৰ ২৩.৪ শতাংশ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷ তথ্যমতে ২০১৯ চনত দেশত হোৱা মুঠ আত্মহত্যাৰ ঘটনাৰ ৭.৪% কৃষকৰ৷ অৰ্থাৎ বিগত বৰ্ষত ১৩,৯১২৩টা আত্মহত্যাৰ ঘটনা দেশত সংঘটিত হৈছিল আৰু ইয়াৰে ১০৩৪৯ টায়ে কৃষকৰ আত্মহত্যাৰ ঘটনা৷

মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, চত্তীশগড়তে এনে ঘটনাৰ হাৰ সৰ্বাধিক৷ আনহাতে এনে ঘটনা ৩৭৪৯ জন পুৰুষ আৰু ৫৭৫ গৰাকী মহিলা বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment

SPONSORED