গুৱাহাটী : এছ আই পৰীক্ষা কেলেংকাৰীৰ তদন্তত ইটোৰ পাছত সিটো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ হোটেল ভাৰ্গব গ্ৰেণ্ডৰ ৰেজিষ্টাৰত ওলাইছে ভয়ংকৰ তথ্য। এই তথ্য অনুসৰি পৰীক্ষাৰ আগদিনা ৬৯জন প্ৰাৰ্থী আছিল হোটেল ভাৰ্গব গ্ৰেণ্ডত। এটা কোঠাত দুজনকৈ প্ৰাৰ্থীক ৰখা হৈছিল। সন্ধিয়া প্ৰতিটো কোঠাই কোঠাই দুজন মাস্ক পিন্ধা লোক আহি দি গৈছিল উত্তৰ লিখা প্ৰশ্নকাকত। এটা ৰাতিৰ ভিতৰত মুখস্থ কৰিব দিছিল প্ৰশ্নৰ উত্তৰ। পুৱা আহিছিল আন দুই যুৱক। সংগ্ৰহ কৰিছিল সন্ধিয়া দিয়া প্ৰশ্ন কাকতসমূহ।
এই কেলংকাৰীত যুক্ত হোৱা হীৰকজ্যোতি নামৰ পৰীক্ষাৰ্থীজনে ধন দিয়াৰ তথ্যও পোহৰলৈ আহিছে। তিনিটা কিস্তিত ধন আদায় দিছিল হীৰকৰ দেউতাকে।হীৰকৰ দেউতাক হেম বৰুৱাই তিনিটা কিস্তিত ৬ লাখ টকা জমা দিছিল। প্ৰথম কিস্তিৰ ধন ৩ লাখ জমা দিছিল পিকে দত্তৰ হাতত। দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন জমা দিছিল হোটেল ভাৰ্গব গ্ৰেণ্ডত।
No comments:
Post a Comment