আশা-ছুপাৰভাইজাৰ সন্থাৰ যৌথ সংবাদমেল : নিৰ্ণায়ক ভূমিকা লোৱাৰ হুংকাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 29, 2020

আশা-ছুপাৰভাইজাৰ সন্থাৰ যৌথ সংবাদমেল : নিৰ্ণায়ক ভূমিকা লোৱাৰ হুংকাৰ

অতি শীঘ্ৰে সমস্যা সমধানৰ দাবী : চৰকাৰক সকয়নী আশা-ছুপাৰভাইজাৰ সন্থাৰ 


গুৱাহাটী : ধোৱাচাঙত ৰজাঘৰীয়াৰ নাৰী অধিকাৰ, নাৰীক অগ্ৰাধিকাৰ দিয়াৰ কথা৷ ত্ৰিছ সহস্ৰাধিক নাৰী নিয়োজিত হৈ আছে মানৱ সেৱা আগবঢ়োৱা আশাকৰ্মী হিচাপে৷ পিছে এইসকল আশা কৰ্মী আজি বঞ্চিত-উপেক্ষিত, ৰজাঘৰৰ সুবিধাৰ পৰা৷ নাই মাননী, নাই নিযুক্তি৷ ছুপাৰভাইজৰসকলৰ দৰমহা আছে যদিও সেয়াও বন্ধ হল৷ নিজ নিজ সমস্যা সমূহ সমাধানৰ দাবীত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰিলে সংবাদমেল৷ আৰম্ভণিতেই স্বস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট৷ দাঙি ধৰিলে নিজ নিজ সন্থাৰ সমস্যা৷ কৰোণা কালত বিপদজনকভাৱে কেনেকৈ কৰ্তব্য পালন কৰিছে তাকো দোহাৰিলে৷ নিৰ্বাচনলৈ বেছি দিন নাই। সেয়ে সমস্যাসমূহ সমাধান নকৰিলে ৰজাঘৰীয়াক সকীয়নি, সময়ত আমিও্ নিৰ্ণায়ক ভুমিকা লম৷ পিছে চৰকাৰ বাহদুৰ তথা মন্ত্ৰীমণ্ডলে এই নাৰী শক্তিৰ হুংকাৰক কেৰেপ কৰিবনে?

No comments:

Post a Comment

SPONSORED