গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ৭ অক্টোবৰলৈ বৃদ্ধি কৰিব শিক্ষক নিযুক্তিৰ বিজ্ঞাপন। - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 12, 2020

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ৭ অক্টোবৰলৈ বৃদ্ধি কৰিব শিক্ষক নিযুক্তিৰ বিজ্ঞাপন।

 ডিচেম্বৰৰ ভিতৰত ৰাজ্যত পুনৰ ১০,৭৮৯গৰাকী নতুন শিক্ষক নিযুক্তি, সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ৭ অক্টোবৰলৈ বৃদ্ধি কৰিব শিক্ষক নিযুক্তিৰ বিজ্ঞাপন।

ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ বাবে যো-জা চলাইছে ৰাজ্যৰ শিক্ষা বিভাগে। শনিবাৰে সংবামেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যত ১০,৭৮৯গৰাকী নতুন শিক্ষক নিযুক্তি দিয়া হ’ব বুলি জানিবলৈ দিয়ে।



শুকুৰবাৰে নিম্ন আৰু উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু হিন্দী শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। এই আটাইখিনি পদত অহা ডিচেম্বৰৰ ৩১ তাৰিখৰ ভিতৰত নিযুক্তি দিব ৰাজ্য চৰকাৰে। ইয়াৰ লগতে পুনৰ সৰ্বশিক্ষা অভিযানৰ অধীনত শীঘ্ৰে নতুনকৈ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰিব। আৰু সেই নিযুক্তি প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পন্ন কৰিব। আৰু এই খিনি নিযুক্তি দিব পাৰিলেই ৰাজ্য চৰকাৰে দিয়া ৫০ হাজাৰ চাকৰিৰ আশ্বাস পূৰণ হ’ব বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।


ইয়াৰ উপৰিও, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ৭ অক্টোবৰলৈ বৃদ্ধি কৰিব শিক্ষক নিযুক্তিৰ বিজ্ঞাপন। গতিকে  গুৱাহাটী বিশ্ববিদ্যালক অহা ৭ অক্টোবৰৰ ভিতৰত বি এড চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

No comments:

Post a Comment

SPONSORED