ৰে’ল ষ্টেচনৰ সমীপত ভয়ংকৰ ঘটনা! ৯ বছৰীয়া কণমানিক দলবদ্ধ ধৰ্ষণ ৰে’ল কৰ্মীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 12, 2020

ৰে’ল ষ্টেচনৰ সমীপত ভয়ংকৰ ঘটনা! ৯ বছৰীয়া কণমানিক দলবদ্ধ ধৰ্ষণ ৰে’ল কৰ্মীৰ

 ৰে’ল ষ্টেচনৰ সমীপত ভয়ংকৰ ঘটনা! ৯ বছৰীয়া কণমানিক দলবদ্ধ ধৰ্ষণ ৰে’ল কৰ্মীৰ

ডিমা হাছাওত সংঘটিত হৈছে এক জঘন্য কাণ্ড

ডিমা হাছাওত সংঘটিত হৈছে এক জঘন্য কাণ্ড।  তিনিজন ৰে’ল কৰ্মীৰ কামনাৰ বলি হ’ল এগৰাকী ৯ বছৰীয়া কণমানি। ৰে'ল ষ্টেচনটোৰ সমীপৰ এটা ৰিজাৰ্ভাৰৰ পৰা কণমানিজনীয়ে পানী সংগ্ৰহ কৰিবলৈ যাওতেই গা ধুই থকা তিনি ৰে'ল কৰ্মীয়ে সংঘটিত কৰে এই ধৰ্ষণ কাণ্ড।



ইতিমধ্যে হাফলং অসামৰিক চিকিৎসালয়ত সম্পন্ন হৈছে কণমানিজনীৰ স্বাস্থ্য পৰীক্ষা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ ৰে'ল বিভাগৰ কৰ্মচাৰী প্ৰমোদ কুমাৰক আটক কৰিছে যদিও আন দুই পাষণ্ড ক্ৰমে, ডিহাখু ৰে'ল ষ্টেচনৰ ষ্টেচন মাষ্টৰ জিতেন্দ্ৰ সিং আৰু ৰে'ল আৰক্ষীৰ জোৱান আলোক কুমাৰ পলাতক হৈ আছে ।

এই ঘটনাৰ পিছত ডিমাছা নেচনেল লিবাৰেচন আৰ্মী চমুকৈ DNLA ই এক ভিডিঅ' বাৰ্তা যোগে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তিনি পাষণ্ডক শীঘ্ৰে কৰায়ত্ত কৰি ডিমাছা জাতীয় সংগঠনৰ হাতত গটাই দিবলৈ দাবী জনাইছে। অন্যথা ডিহাখুত ষ্টেচনেই নাথাকিব বুলি চৰকাৰক সকীয়াই দিছে সশস্ত্ৰ বিদ্ৰোহী সংগঠন DLNA ই । যোৱা ২৪ আগষ্টত সংঘটিত হয় এই ঘটনা।

No comments:

Post a Comment

SPONSORED