ৰাজনৈতিক নেতাৰ দ্বাৰা প্ৰতাৰিত হৈ আহিছে ‘মিঞা’ সম্প্ৰদায়ঃ হাইদৰ হুছেইন
হানিফ আলী আহমেদ, গুৱাহাটী :
ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ মিঞা সম্প্ৰদায়ৰ লোকসকলক ক্ৰমাৎ শিক্ষা-দীক্ষাত আগবাঢ়ি আহিছে৷ একেদৰে অৰ্থনৈতিকভাৱেও অগ্ৰসৰ হৈছে৷ কিন্তু তেওঁলোকে আজিও হীনমান্যতাত ভূগি আছে আৰু ইয়াৰ বাবে দায়ী সম্প্ৰদায়টোৰ পৰা নিৰ্বাচিত হৈ অহা জনপ্ৰতিনিধিসকল৷ কিয়নো সেইসকলক নেতাই ৰাজনৈতিকভাৱে জয়ী হৈ ক্ষমতা লাভ কৰাৰ পিছতেই সাধাৰণ লোকসকলৰ তেজ শুহি গুৱাহাটীত ডাঙৰ ডাঙৰ অট্টালিকা, হোটেল নিৰ্মাণ কৰে৷ মূলতঃ এনে ৰাজনৈতিক নেতাৰ দ্বাৰাই প্ৰতাৰিত হৈ আহিছে ‘মিঞা’ সম্প্ৰদায়৷ এই মন্তব্য- বিশিষ্ট সাংবাদিক, সাহিত্যিক-বুদ্ধিজীৱী হাইদৰ হুছেইনে৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত অৱসৰপ্ৰাপ্ত এপিএছ বিষয়া তথা প্ৰাক্তন আৰক্ষী অধীক্ষক আব্দুল কদ্দুছৰ উপন্যাস ‘আত্মাৰ আৰ্তনাদ’ উন্মোচন কৰি হুছেইনে লগতে কয়- ‘আত্মাৰ আৰ্তনাদ’ শীৰ্ষক গ্ৰন্থখনত বিশেষকৈ এই মিঞা সম্প্ৰদায়ৰ আৰ্তনাদ আৰু ইয়াৰ কাৰণসমূহ ইপন্যাস আকাৰত সুন্দৰভাৱে উপস্থাপন কৰিছে৷
ব্ৰহ্মপুত্ৰ ছিভিল ছ’চাইটিৰ সভাপতি ডঃ আতোৱাৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত হোৱাত সভাত সংযুক্ত মুক্তি বাহিনী (আলোচনাপন্থী)ৰ সম্পাদক অনুপ চেতিয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়- মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰি খোৱা ধৰ্মীয় সংখ্যালঘুৰ এই সম্প্ৰদায়টোক অসমীয়া জাতিৰ অবিচ্ছেদ অংগ হিচাপে মানি লোৱাত কোনো প্ৰশ্ন আহিব নালাগে৷ ইয়াৰোপৰি ব্ৰহ্মপুত্ৰ ছিভিল ছ’চাইটিৰ সাধাৰণ সম্পাদক তথা প্ৰকাশক ছাজাহান তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক খগেন কলিতা, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানেও নিজ নিজ বক্তব্য দাঙি ধৰে৷
অনুষ্ঠানটোত ২০২১-২২ বৰ্ষৰ ফুলব্ৰাইট-নেহৰু মাষ্টাৰ্চ ফেল’শ্বিপৰ জৰিয়তে আমেৰিকাত এলএলএম পাঠ্যক্ৰমৰ সুযোগ লাভ কৰা অধিবক্তা আমান ওৱাদুদক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় সাংবাদিক হানিফ আলী আহমেদে৷ ব্ৰহ্মপুত্ৰ ছিভিল ছ’চাইটিৰ কাৰ্যকৰী সভাপতি আব্দুল বাতেন খন্দকাৰে শলাগৰ শৰাই আগবঢ়োৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভালেসংখ্যক গ্ৰন্থপ্ৰেমী লোকে অংশগ্ৰহণ কৰে৷
No comments:
Post a Comment