অধিৱেশনৰ অন্তিম দিনা বিধানসভাত গৃহীত ১৬খন বিধেয়ক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 3, 2020

অধিৱেশনৰ অন্তিম দিনা বিধানসভাত গৃহীত ১৬খন বিধেয়ক

গুৱাহাটী : অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ আজি চতুৰ্থ তথা অন্তিম দিন৷ অধিৱেশনৰ অন্তিম দিনটোত ১৬খন বিধেয়ক গৃহীত কৰা হয়৷ অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ত স্থাপনত অনুমোদন জনায় বিধানসভাই। মঙলদৈত এই বিশ্ববিদ্যালয় স্থাপন হ’ব বুলি প্ৰকাশ।


মৰাণ স্বায়িত্তশাসিত পৰিষদ, মটক স্বায়িত্তশাসিত পৰিষদ গঠনতো অনুমোদন বিধানসভাৰ। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনতো অনুমোদন জনায় অসম বিধানসভাই। কোঁচ ৰাজবংশীৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে এই স্বায়িত্তশাসিত পৰিষদ গঠন কৰা বুলি বিধানসভাত উল্লেখ কৰা হয়৷

আনহাতে, কমতাপুৰৰ বিপৰীতে কোঁচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদ গঠনৰ পোষকতা কৰে বিৰোধী দলে। উত্তৰত মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে, অবিভক্ত গোৱালপাৰা সামৰি এই পৰিষদ গঠন কৰা হৈছে। মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্ত পৰিষদ গঠন হৈছে৷ এই পদক্ষেপে বিভিন্ন দিশত বাসিন্দাসকলক সহায় কৰিব৷ বিটিচি, ৰাভা হাচঙৰ লোকসকলক বাদ দি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে বুলি সদৰী কৰে মন্ত্ৰী ব্ৰহ্মই।

No comments:

Post a Comment

SPONSORED