নজিৰবিহীন ঘটনা, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিয়োগত বিদেশত এদিনৰ চৰকাৰী বন্ধ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 3, 2020

নজিৰবিহীন ঘটনা, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিয়োগত বিদেশত এদিনৰ চৰকাৰী বন্ধ

ঢাকা : বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মতে, প্ৰণৱ মুখাৰ্জী সঁচা অৰ্থত দেশখনৰ এজন প্ৰকৃত বন্ধু হোৱাৰ লগতে এজন অতি প্ৰখৰ বুদ্ধিসম্পন্ন ব্যক্তি আছিল।


দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ মৃত্যুৰ বাতৰিয়ে দেশৰ লগতে বিদেশৰ পৰাও তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে বহু ৰাষ্ট্ৰনেতাই। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ মৃত্যুৰ বাবে বুধবাৰে এদিনৰ বাবে বাংলাদেশত চৰকাৰী বন্ধৰ ঘোষণা কৰাৰ লগতে দেশৰ পতাকা অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত প্ৰণৱ মুখাৰ্জীৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি বুলি শ্বেখ হাছিনাই উল্লেখ কৰে। আনহতে, ১৫ আগষ্ট ১৯৭৫ত বংগবন্ধু মজিবৰ ৰহমানক আততায়ীয়ে হত্যা কৰাৰ পিছত দেশৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত প্ৰণব মুখাৰ্জীৰ ভূমিকা অপৰিসীম আছিল বুলি হাছিনাই এক টিভি সাক্ষাৎকাৰত উল্লেখ কৰে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মতে, প্ৰণৱ মুখাৰ্জী সঁচা অৰ্থত দেশখনৰ এজন প্ৰকৃত বন্ধু হোৱাৰ লগতে এজন অতি প্ৰখৰ বুদ্ধিসম্পন্ন ব্যক্তি আছিল। তেওঁৰ মৃত্যুত কেৱল ভাৰতৰে নহয়, বাংলাদেশৰ বাবেও  বহুত ক্ষতি হ'ল। তেওঁৰ আত্মাই পৰম শান্তি লাভ কৰক।

No comments:

Post a Comment

SPONSORED