চীনা সেনাক প্ৰতিৰোধৰ উদ্দেশ্যে লাডাখত ভাৰতীয় সেনাৰ ফায়াৰিং - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 8, 2020

চীনা সেনাক প্ৰতিৰোধৰ উদ্দেশ্যে লাডাখত ভাৰতীয় সেনাৰ ফায়াৰিং

 এল এ চিত চীনা সৈন্যৰ আগ্ৰাসন ৰোধ কৰিবৰ বাবে ভাৰতীয় সেনাই সতৰ্কতামূলক গুলীবৰ্ষণ কৰে৷ লাডাখৰ দক্ষিণৰ পেংগং হ্ৰদৰ সমীপত ঘটনাটো সংঘটিত হয়৷ ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ পোৱা মতে চীনা সৈন্যক ভাৰতৰ দিশে আগ নাবাঢ়িবলৈ সতৰ্ক কৰি দিয়াৰ উদ্দেশ্যেহে গুলীবৰ্ষণ কৰা হৈছিল৷

ল্লেখ্য যে সম্পূৰ্ণ ৪৫ বছৰৰ পাছত ভাৰত-চীন সীমান্তত ভাৰতৰ ফালৰপৰা এনেদৰে গুলীবৰ্ষণ কৰা হৈছে৷ ইয়াৰ পূৰ্বে ১৯৭৫ চনত অৰুণাচলৰ ভাৰত-চীন সীমান্তত এনে ঘটনা সংঘটিত হৈছিল৷ উল্লেখ্য যে বিগত ১৫ জুনত গালৱান উপত্যকাত ২০ ভাৰতীয় সৈন্য চীনা সেনাৰ আক্ৰমণত শ্বহীদ হোৱা সত্ত্বেও শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখি ভাৰতীয় সেনাই আক্ৰমণাত্মক ৰূপ লোৱা নাছিল৷

ৱশ্যে এই ঘটনাৰ পাছতে ভাৰতীয় সেনাই ‘ৰুল অব এংগেজমেণ্ট’ সলনি কৰিছিল আৰু প্ৰয়োজন সাপেক্ষে গুলীবৰ্ষণ কৰিবলৈ থিৰাং কৰিছিল৷ ইয়াৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় পক্ষই চীনা সেনাৰ গতি ৰোধৰ উদ্দেশ্যে গুলীবৰ্ষণ কৰে।


No comments:

Post a Comment

SPONSORED