দলটোৰ মুখপাত্ৰ চম্পক কলিতাৰ নেতৃত্বত এটা দলে আজি কুঠৰীলৈ ৰাওনা হ'ব।
কাজিৰঙাক প্ৰাণভৰি ভাল পোৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই এসময়ত কাজিৰঙাতে ঘৰ সাজি থকাৰ মনেৰে কাজিৰঙাৰ কুঠৰীত নিৰ্মাণ কৰিছিল এটা বাসগৃহ। সুধাকণ্ঠৰ গীতটো তেঁওৰ কাজিৰঙাৰ প্ৰতি থকা অকুণ্ঠ ভালপোৱা প্ৰকাশ পাইছিল।

পিছে সুধাকণ্ঠ কায়িকভাৱে আঁতৰি যোৱাৰ পিছতে এই ঘৰটোৰ যতন লোৱাৰো আহৰি নোহোৱা হ'ল কাৰো। লাহে লাহে এসময়ৰ সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহ এলাগী হৈ পৰিল। বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে কুঠৰীৰ ঘৰটোক সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিলে যদিও সেয়া মাথোঁ ঘোষণা হৈয়ে ৰ'ল।
কিন্তু ড০ ভূপেন হাজৰিকাৰ ৯৪সংখ্যক ওপজা দিনটোত সুধাকণ্ঠৰ কুঠৰীৰ গৃহ মেৰামতি কৰাৰ দায়িত্ব ল'লে এআইডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে।
ইতিমধ্যে দলটোৰ মুখপাত্ৰ চম্পক কলিতাৰ নেতৃত্বত এটা দলে আজি কুঠৰীলৈ ৰাওনা হ'ব। এই দলটোত থাকিব অভিজ্ঞ অভিযন্তাও। আজমলে নিজা খৰচত অতি শীঘ্ৰে সুধাকণ্ঠৰ বাসগৃহ মেৰামতি কৰাৰ সিদ্ধান্তৰ কথা জনোৱাৰ পিছতে দলটোৰ মুখপাত্ৰ চম্পক কলিতাই এই বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। সেই অনুসৰি আজি পুৱা ১১বজাত অভিযন্তাসহ এআইইউডিএফৰ নেতৃবৰ্গ উপস্থিত হ'বগৈ কাজিৰঙাৰ কুঠৰীত।
No comments:
Post a Comment