২১ ছেপ্টেম্বৰৰপৰা খুলিব বিদ্যালয়, কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, September 09, 2020

২১ ছেপ্টেম্বৰৰপৰা খুলিব বিদ্যালয়, কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা

সুদীৰ্ঘ পাঁচ মাহে কৰ’না আতংকৰ বাবে বন্ধ হৈ থকা বিদ্যালয়সমূহ মুকলিৰ অনুমতি দিছে কেন্দ্ৰই। আনলক ৪ৰ অংশ হিচাপে অহা ২১ ছেপ্টেম্বৰৰ পৰা আংশিকভাৱে বিদ্যালয়সূহ খোলাৰ অনুমতি দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰনালয়ে এই সম্পৰ্কীয় এছ অ’ পি জাৰি কৰিছে।


মঙলবাৰে কেন্দ্ৰই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি কণ্টেইমনেণ্ট জ’নৰ বাহিৰত থকা বিদ্যালয়সমূহত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ অনুমতি প্ৰদান কৰা হৈছে। নীতি অনুসৰি মুকলি হ’বলগীয়া বিদ্যালয়সমূহত কণ্টেইনমেণ্ট জ’নৰ বাহিৰত থকা ছাত্ৰ আৰু শিক্ষকহে উপস্থিত থাকিব পাৰিব।

ছাত্ৰী-ছাত্ৰীয়ে তেওঁলোকৰ ইচ্ছা অনুসৰি স্কুলত উপস্থিত থাকিকব পাৰিব আৰু ইয়াৰ বাবে অভিভাৱকৰ লিখিত অনুমতিপত্ৰ লাগিব। কণ্টেইনমেণ্ট জ’নত থকা বিদ্যালয়সমূহ ২১ ছেপ্টেম্বৰতো মুকলি নহয়৷ বিদ্যালয়ত শিক্ষা্ৰ্থী আৰু শিক্ষকে ৬ ফুট দূৰত্বৰ শাৰীৰিক ব্যৱধান বজাই ৰাখিব লাগিব৷ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত মাস্ক পিন্ধাতো বাধ্যতামূলক৷ লগতে স্কুলত ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব৷

আনহাতে, স্কুলত সমাৱেশ খেলা-ধূলাত নিষেধাজ্ঞা দিয়াৰ লগতে বিদ্যালয়ে নিজাববীয়াকৈ পাঠদানৰ সময় সম্পৰ্কত সিদ্ধান্ত ল’ব আৰু বেলেগ বেলেগ সময়ত পাঠদান অনুষ্ঠিত হ’ব বুলি নিৰ্দেশনাত কোৱা হৈছে৷ বিদ্যালয়ত উপস্থিত থাকিব কেৱল ৫০শতাংশ শিক্ষক আৰু কৰ্মচাৰী৷


No comments:

Post a Comment

SPONSORED