ধাৰ লোৱা টকা বিচৰাৰ বাবে মহিলাক প্ৰহাৰ যুৱকৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 05, 2020

ধাৰ লোৱা টকা বিচৰাৰ বাবে মহিলাক প্ৰহাৰ যুৱকৰ

যোগীঘোপা : যোগীঘোপাৰ দলনী বিল গাঁৱত ৪০ বছৰৰ উৰ্ধৰ মহিলা এজনীক শাৰীৰিকভাৱে নিৰ্যাতন কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷


ঘটনাৰ বিৱৰণী অনুসৰি যোগীঘোপাৰ দলনী বিল গাঁৱৰ ইছমাইল হুছেইন নামৰ যুৱকজনে মহিলা জনীক মাৰপিট কৰাৰ ফলত ভৰিত আঘাতৰ চিন স্পষ্ট হৈ পৰে৷ পিছত প্ৰাণ ৰক্ষাৰ ভয়ত মহিলাগৰাকীয়ে দৌৰি ঘৰতে পলায়ন কৰে। কিছু সময় পিছত পৰিয়ালৰ লোকে চলন্তপাৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত লৈ চিকিৎসা কৰে।


অভিযোগ অনুসৰি যুৱকজনে মহিলাজনীৰ পৰা ৪০ হাজাৰ টকা ধাৰ লোৱা টকা বিচৰাৰ বাবে মহিলাজনীক বিভিন্ন অশ্লিল গালি-গালাজ কৰাৰ লগতে শাৰিৰীকভাৱে প্ৰহাৰ কৰে৷ ভূক্তভোগী মহিলাগৰকীয়ে ইতিমধ্যে যোগীঘোপা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

No comments:

Post a Comment

SPONSORED