যমুনামুখত কদৰ্ময় বাট-পথ : যমৰ-যাতনা ভূগিছে স্থানীয় ৰাইজ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 05, 2020

যমুনামুখত কদৰ্ময় বাট-পথ : যমৰ-যাতনা ভূগিছে স্থানীয় ৰাইজ


ছাবিনা ইয়াছমিন :
যমুনামুখ সমষ্টিৰ অন্তৰ্গত চাৰ্লক গাওঁ পঞ্চায়তৰ বিভিন্ন ইন্নয়নমূলক কাম-কাজত ব্যাপক দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে পঞ্চায়তৰ অন্তৰ্গত ৬নং ৱাৰ্ডৰ উত্তৰ জংগল ব্লক গাওঁৰ বোকাময় পথছোৱাই হৈছে চাংমাজি আৰু ডবকা চহৰলৈ যোৱা সংযোগী একমাত্ৰ পথ৷ এই পথছোৱাত এখন বাহন অহা-যোৱা কৰাটো দূৰৰ কথা, মানুহ চলাচল কৰাৰ ক্ষেত্ৰতো দীৰ্ঘদিন ধৰি যমৰ যন্ত্ৰণা ভোগ কৰি আহিছে৷ কিন্তু ৰাইজে পঞ্চায়ত সভানেত্ৰীক পথছোৱা নিৰ্মাণৰ বাবে বাৰম্বাৰ কোৱাৰ পিছতো কোনো কাণসাৰ নাই৷ ফলত পঞ্চায়কবাসীৰ মাজত এটাই প্ৰশ্ন- ১৪ বিত্তীয় আয়োগৰ ধনখিনি কʼত গ'ল ? যদি কৰ্তৃপক্ষই টকাখিনি পঞ্চায়তৰ উন্নয়নৰ কামত খৰচ কৰিছে, তেতিয়া হ'লে এই পঞ্চায়তৰ অন্তৰ্গত ৬নং ৱাৰ্ডৰ উত্তৰ জংগল ব্লক গাওঁৰ পথছোৱাৰ এনে অৱস্থা কিয়? সেয়ে অতি সোনকালে পথছোৱা মেৰামতি কৰি যাতায়তৰ বাবে সূচল কৰি তুলিব নোৱাৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি কৰি তোলাৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে৷

No comments:

Post a Comment

SPONSORED