✍ এন, এ, ৰুবুল মিৰ্জা, গুৱাহাটী
ভাৰতীয় সমাজে শিক্ষক দিৱস এটা উদযাপনৰ কথা ভাবোতে ভাৰতবৰ্ষৰ পণ্ডিতসকলে ৰাজনৈতিক নেতাসকলৰ লগত আলোকপাত কৰি আজন্ম ছাত্র-শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন পাঁচ ছেপ্টেম্বৰকে শিক্ষক দিৱসৰূপে উদযাপন কৰাৰ সিদ্ধান্ত লয়।
যদি আমি আজিৰ তাৰিখত ইয়াৰ কাৰণ বিচাৰিব যাওঁ তেন্তে আমাৰ স্বাধীনোত্তৰ সময়ছোৱাৰ বিশ্বৰ ৰাজনৈতিক পেক্ষাপট দায়ি বুলিয়েই ক'ব লাগিব।ৰাজনৈতিক পৰিস্হিতিয়ে এনে এক চৰিত্র দিশলৈ ধাৱমান হৈছিল যে গোটেই বিশ্বখনকেই যেন দ্বিতীয় বিশ্বযুদ্ধতকৈও ভয়াবহ এক ঝৰ-তুফানে তুলা উৰাদি উৰুৱাই লৈ যাব।
সেই সময়ত ঝৰ-তুফানক বাধা দিয়াৰ একামত্র উপায় আছিল দেশসমূৰ শিক্ষা ব্যৱস্হাৰ তীব্ৰতাৰে সংশোধন কিম্বা আমূল পৰিৱৰ্তনেৰে যুৱ-প্ৰজন্মক সুস্হ আৰু নৈতিকতাৰ পৰিধিলৈ অনা, বৌদ্ধিক চেতনাবোধৰে দীক্ষিত কৰা।কিন্তু কোনে পাৰিব? কাৰ হাতত নেতৃত্ব অৰ্পন কৰিব ভাৰতীয় বিদ্বৎ সমাজে? এই প্ৰশ্নবোৰকলৈ চিন্তা -চৰ্চাৰ অব্যাহত ৰাখাৰ মাজতেই ভাৰতীয় বিদ্বৎ সমাজখনে বুজিব পাৰিছিল যে শিক্ষাৰ ক্ষেত্রত আমূল পৰিৱৰ্তন অনাৰ ক্ষমতা কেৱল বিশ্বৰ আগশাৰীৰ শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কৰ্মৰাজিতহে দেখা যায়৷ পিছে কোন এই ব্যক্তি?
মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰত তামিলনাডুৰ চেন্নাইৰ (আগৰ মাদ্ৰাজৰ) তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে। তেওঁ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী (বীৰ চমাইয়া) আৰু মাতৃৰ নাম সীতামা আছিল। তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল। ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল। জন্মস্থান তিৰুটানি, চমাইয়াৰ পৰিয়াল আৰু সেই সময়-এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকীৰ জীৱনে গঢ় লোৱাৰ ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল। কিয়নো তিৰুটানি এখন ধৰ্মস্থান আছিল, চমায়া পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাহ্মণ পৰিয়াল আৰু সেই সময়ছোৱা আছিল সু-প্ৰাচীন হিন্দু সভ্যতাৰ নৱ-জাগৰণৰ সময়। এটা নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত জন্ম হোৱাৰ সূত্ৰে শিশু ৰাধাকৃষ্ণনেও পৰম্পৰাগত ভাৱে মানি অহা বিভিন্ন নীতি-নিয়ম নিৰ্বিবাদে মানি চলিছিল। ১৮৯৬ চনত (আঠ বছৰ বয়সত) তিৰোপতিৰ লুথেৰাণ মিশ্যন স্কুলত তেখেতক নাম লগাই দিয়া হয় ।১৯০০ চনত লুথেৰাণ মিশ্যন হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈ ভেলোৰ কলেজত নামভৰ্ত্তী কৰি ১৯০৪ চনত সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু দৰ্শনক মুখ্য বিষয় হিচাপে লৈ মাদ্ৰাজ খ্ৰীষ্টান নাম ভৰ্তি কৰে আৰু তাৰপৰা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্নাতক ডিগ্ৰী লাভ কৰে। অভাৱ-অনাটনে জুৰুলা কৰা পৰিয়ালটোত জন্ম লোৱা এইগৰাকী মহান পণ্ডিতে ইয়াৰ পাছত স্নাতকোত্তৰ শ্ৰেণী নামভৰ্তি কৰে। বিশ্ববিদ্যালয়ৰ পৰা ২৫ টকাকৈ বৃত্তি লাভ কৰাৰ লগতে সেইসময়ত তেওঁ ঘৰুৱা শিক্ষকতাৰ কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল।পঢ়ি থকাৰ সময়তে তেখেতে ‘ETHICS OF VEDANTA’ শিৰ্ষক এখন মৌলিক গ্ৰন্থ প্ৰকাশ কৰে যিখন, ১৯০৮ চনত বিশ্ববিদ্যালয়ে ‘ETHICS OF VEDANTA & ITS MATAPHYSICAL PRESUPPOSITIONS’ নামেৰে প্ৰকাশ কৰে। ১৯০৯ চনত তেখেতে মাদ্ৰাজ প্ৰেছিডেন্সী কলেজত অধ্যাপক হিচাপে নিযুক্ত হয়। ১৯১০ চনত পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘ESSENTIALS OF PHYCHOLOGY’ নামৰ এখন কিতাপ ৰচনা কৰে। ১৯১২ চনত অক্সফোৰ্ড ইউনিভাৰচিটি প্ৰেছে কিতাপখন প্ৰকাশ কৰিছিল। ১৯১৮ চনত ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক ৰূপে নিযুক্তি পায়। ১৯২১ চনত চাৰ আশুতোষ মুখোপাধ্যায়ৰ আমন্ত্ৰণক্ৰমে ৰাধাকৃষ্ণণে কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সৰ্বোচ্চ পদত যোগদান কৰে। ১৯৩১ চনত ৰাধাকৃষ্ণণে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ অলংকৃত কৰে। ১৯৩৬ চনত ৰাধাকৃষ্ণণে তিনিবছৰৰ বাবে অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু তাত SPALDING PROFESSOR OF EASTERN RELIGIONS পদত অধিষ্ঠিত হয়। পণ্ডিত মদন মোহন মালব্য আৰু মহাত্মা আমন্ত্ৰণত ৰাধাকৃষ্ণণ ভাৰতলৈ ওভতি আহে আৰু বেনাৰস বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ অলংকৃত কৰে। ১৯৪৯ চনত ছ’ভিয়েট ৰাচিয়াৰত ভাৰতৰ ৰাষ্ট্ৰ্দূত হিচাপে অধিষ্ঠিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলে। তেখেত ৰাষ্ট্ৰসংঘত ভাৰতীয় প্ৰতিনিধি হৈ থকাৰ লগতে UNESCOৰ উপ-সভাপতি হৈও আছিল। ১৯৫২ চনত তেখেত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ১৯৫৪ চনত তেখেতক ‘ভাৰত-ৰত্ন’উপাধিৰে বিভূষিত কৰা হয়। ১৯৬২ চনত তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ১৯৬৭ চনৰ ৯ মে’ত তেখেতে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৬৮ চনত তেওঁক সাহিত্য একাডেমী ফেল’শ্বিপ দিয়া হয়। ১৯৭৫ চনত অসুস্থ অৱস্থাত তেখেতলৈ TEMPLETON পুৰস্কাৰৰ কথা ঘোষণা কৰা হয়। ১৯৭৫ চনৰ ১৬ এপ্ৰিলৰ নিশা ১২ বাজি ৪৫ মিনিটত এইগৰাকী মহান পণ্ডিতে ইহলীলা সম্বৰণ কৰে।
উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল আছিল ৰাধাকৃষ্ণন। ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰহ্ম’ৰ উপলব্ধিত। ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰহ্মচাৰ্য পালন, ব্ৰহ্মজ্ঞানৰ সাধন আৰু ব্ৰহ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে। সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰহ্মচাৰী, এজন প্ৰকৃত ব্ৰহ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰহ্মবাদী আছিল। সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহিৰ্প্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্য্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ। এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হ’ব বিশ্ব-মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে৷ সেয়ে আজি গোটেই দেশে এইগৰাকী ব্যক্তিৰ জন্ম দিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰি আহিছে৷
(আপুনি এই লেখাটি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিত্ৰ, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008)
No comments:
Post a Comment