সোণোৱাল চৰকাৰক স্বৈৰাচাৰী শাসক আখ্যা : ৰিপুণ বৰাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 30, 2020

সোণোৱাল চৰকাৰক স্বৈৰাচাৰী শাসক আখ্যা : ৰিপুণ বৰাৰ

গুৱাহাটী : SI কেলেংকাৰীত পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী জড়িত থকাৰ অভিযোগ ৰিপুণ বৰাৰএই কেলেংকাৰীৰ বিৰুদ্ধে বুধবাৰে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰা দিছপুৰলৈ কংগ্ৰেছে উলিয়ালে এক প্ৰতিবাদী সমদল৷দুৰ্নীতি আৰু স্বচ্ছতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত APSCত কৈ SI নিযুক্তিত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ৷ সোণোৱাল চৰকাৰক স্বৈৰাচাৰী শাসক আখ্যা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ৷ বৰাৰ অভিযোগ, SI কেলেংকাৰীত মুখ্যমন্ত্ৰী পোনপটীয়াভাৱে জড়িত আছে৷ যাৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত ঘোষণা কৰাৰ সাহস নাই বিজেপিৰ৷

ৰিপুণ বৰাই কয় যে বিজেপিশাসিত ৰাজ্যসমূহত RSSৰ এগৰাকী অ’এছডি নিয়োগ কৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰীৰ সতে OSD ৰূপে আছে ৰঞ্জিত মজুমদাৰ৷ মজুমদাৰৰ সহযোগী এগৰাকী আছে ষ্টেনো৷ যিগৰাকীয়ে প্ৰস্তুত কৰিছিল SI তালিকা৷ এই ষ্টেনোগৰাকীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ উভতি আহিব লগা হৈছিল চিআইডি/‘প্ৰদীপ কুমাৰ ৰিজাইন দিলে যদিও প্ৰদীপ কুমাৰৰ বিৰুদ্ধে নহ’ল কোনো ব্যৱস্থা৷ প্ৰদীপ কুমাৰৰ দিনত নিযুক্তি ব’ৰ্ডৰ প্ৰাপ্য ঠিকাদাৰক বঞ্চিত কৰি বিশেষ প্ৰতিষ্ঠানক পৰীক্ষা অনুষ্ঠিত কৰাৰ দাযিত্ব দিয়াৰ অভিযোগ৷ তাৰ পিছতো নাই কোনো ব্যৱস্থা৷ বাতৰি কাকতত ৭ বছৰৰ অভিজ্ঞতা নথকাৰ পিছতো দিবন ডেকাৰ পত্নীযে জনসংযোগত লাভ কৰিছিল চাকৰি৷ আৰু সেই দিবনক এতিয়া চিনি নপোৱাৰ অভিযোগ বিজেপিৰ নেতা কৰ্মীৰ৷ এয়া হাস্যকৰ।’ – ক’লে ৰিপুণ বৰাই৷এই কেলেংকাৰীৰ বিৰুদ্ধে বুধবাৰে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰা দিছপুৰলৈ কংগ্ৰেছে উলিয়ালে এক প্ৰতিবাদী সমদল৷ অৱশ্যে কংগ্ৰেছৰ কোনো প্ৰতিবাদকাৰীক এখোজো আগবাঢ়িব নিদিলে আৰক্ষীয়ে৷ আৰক্ষী বাধা প্ৰদান কৰি আটক কৰে সকলো প্ৰতিবাদকাৰীক৷


No comments:

Post a Comment

SPONSORED