‘আনন্দৰাম বৰুৱা বঁটা- ২০২০’ প্ৰদান অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 30, 2020

‘আনন্দৰাম বৰুৱা বঁটা- ২০২০’ প্ৰদান অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত

 গুৱাহাটী : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত হয় ‘আনন্দৰাম বৰুৱা বঁটা ২০২০’ প্ৰদান অনুষ্ঠান৷ ২০২০ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৬ হাজাৰ ৯শ ৪৪গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীলৈ এই বঁটা প্ৰদান কৰিছে৷

এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি শিক্ষাবিভাগৰ বহুকেইজন জ্যেষ্ঠ বিষয়া৷ ছাত্ৰ-ছাত্ৰীসকলক লেপটপ ক্ৰয়ৰ বাবে নগদ ধন প্ৰদান কৰে চৰকাৰে৷ লেপটপ ক্ৰয়ৰ বাবে চৰকাৰে অনুমোদন দিছে ৩৪ কোটি টকা৷

ইপিনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰীয়ে স্কুটী লাভ কৰিব বুলি জানিবলৈ দিয়ে৷ ড০ বাণীকান্ত কাকতি বঁটাৰ জৰিয়তে নৱেম্বৰত শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটী৷


No comments:

Post a Comment

SPONSORED