আজিৰে পৰা চলিব কামাখ্যা–মুৰ্কংচেলেক বিশেষ ৰে’ল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 1, 2020

আজিৰে পৰা চলিব কামাখ্যা–মুৰ্কংচেলেক বিশেষ ৰে’ল

গুৱাহাটী:সাত মাহ পিছত আজিৰে পৰা চলিব কামাখ্যা–মুৰ্কংচেলেক বিশেষ ৰে’ল ৷  ৰে’ল বিভাগে লোৱা সিদ্ধান্তক আদৰণি জনাইছে ধেমাজিবাসীয়ে৷উত্তৰ অসম বাসীৰ বাবে সুখবৰ৷ আজিৰে পৰা চলিব কামাখ্যাৰ পৰা মূৰ্কংচেলেক অভিমুখী বিশেষ ৰে’ল৷ কোৰোণা মহামাৰীৰ বাবে যোৱা সাতটা মাহে ৰে’ল সেৱা বন্ধ ৰাখিছিল চৰকাৰে৷ গণসংক্ৰমণ যাতে অধিক বৃদ্ধি নাপাই তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সিদ্ধান্ত লৈছিল ৰে’লসেৱা বন্ধ ৰখাৰ৷


সুদীৰ্ঘ সাতটা মাহৰ পিচত ১ অক্টোবৰৰ পৰা তথা আজিৰে পৰা কামাখ্যাৰ পৰা মূৰ্কংচেলেক বিশেষ ৰে’ল চলোৱাৰ কথা সদৰী কৰাৰ পিছতে ৰে’ল ষ্টেচনসমূহ চাফ–চিকুণ কৰাৰ লগতে ছেনিটাইজ কৰা হৈছে৷ ধেমাজি ৰে’লৱে ষ্টেচনটোও ইতিমধ্যে চাফ–চিকুণ কৰা হৈছে৷

ইয়াৰ সমান্তৰালকৈ ৰে’ল বিভাগৰ যাত্ৰীসকলৰ প্ৰতি আহ্বান – স্বাস্থ্য বিধিসমূহ পালন কৰি যাতে গন্তব্য স্থানলৈ যাত্ৰা কৰে৷ সামাজিক দূৰত্ব, মুখত মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান ৰে’ল বিভাগৰ৷ইফালে, ৰে’ল বিভাগে লোৱা সিদ্ধান্তক আদৰণি জনাইছে ধেমাজিবাসীয়ে৷ কিয়নো দূৰণিবটীয়া যাত্ৰীসকলে যথেষ্ট আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে বিগত মাহকেইটাত৷ বিশেষ ৰে’লখনে উপকৃত কৰিব উত্তৰ অসমৰ ৰাইজক৷ লগতে আগন্তুক দিনত অন্যান্য ৰে’লসমূহৰ চলাচলৰ বাবেও আহ্বান জনাইছে সৰ্বসাধাৰণ নাগৰিকে৷


No comments:

Post a Comment

SPONSORED