নতুন দিল্লী : কৰ’না সন্ত্ৰাসৰ মাজতে দেশত জাৰি কৰা হ’ল আনলক-৫ৰ গাইডলাইন। উৎসৱৰ পৰিৱেশত চৰকাৰে আনলক-৫ত বহু ক্ষেত্ৰত শিথিল কৰিবলৈ ওলাইছে নিয়ম। আনলক-৫ৰ গাইডলাইন অনুসৰি ১৫ অক্টোবৰৰ পৰা দেশত খুলিব পাৰিব মাল্টিপ্লেক্স, চিনেমা হল, থিয়েটাৰ হল। কিন্তু এই ক্ষেত্ৰত মুঠ আসনৰ সংখ্যা মাত্ৰ ৫০ শতাংশ লোকহে প্ৰৱেশ কৰিব পাৰিব হলবোৰত।
![]() |
বিদ্যালয় আৰু ক’ছিং চেণ্টাৰ খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে ১৫ অক্টোবৰৰ পাছতহে গ্ৰহণ কৰিব সিদ্ধান্ত। অৱশ্যে, এই ক্ষেত্ৰত নিত্যান্তই জৰুৰী হ’ব শিক্ষাৰ্থী-অভিভাৱকৰ অনুমতি।
ইফালে আনলক-৫ত খেলুৱৈ-প্ৰশিক্ষণৰ বাবে মুকলি কৰা হ’ব ছুইমিং পুল। আনহাতে বিনোদন উদ্যান খোলাৰ ক্ষেত্ৰতো আনলক-৫ৰ জৰিয়তে অনুমতি প্ৰদান কৰিছে চৰকাৰে।
No comments:
Post a Comment