আজিৰেপৰা চকা বন্ধ: ৰাইজৰ সুবিধাৰ বাবে ASTC য়ে ল’লে এই ব্যৱস্থা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 5, 2020

আজিৰেপৰা চকা বন্ধ: ৰাইজৰ সুবিধাৰ বাবে ASTC য়ে ল’লে এই ব্যৱস্থা

গুৱাহাটী: চকা বন্ধৰ বাবে ৰাইজৰ অসুবিধা নহ’বলৈ ASTC ৰ বিশেষ ব্যৱস্থা৷ ASTC য়ে ৰাজ্যজুৰি চলাব ৬৫০ খন বাছ৷ গুৱাহাটী মহানগৰীত প্ৰায় ২৫০ খন বিশেষ চিটিবাছৰ ব্যৱস্থা ASTC ৰ৷ পুৱা ৬:৩০ বজাৰপৰা ৰাতি ১০ বজালৈকে থাকিব ASTC ৰ বাছসেৱা৷ এই কথা জনালে ASTC ৰ অধ্যক্ষ অশোক ভট্ট ৰয়ে৷

উল্লেখ্য় যে আজিৰেপৰা ৰাজ্য়ত বন্ধ হৈ পৰিব সকলো ধৰণৰ ব্য়ক্তিগত যাত্ৰীবাহী বাহনৰ চলাচল। সদৌ অসম মটৰ পৰিবহণ মালিক সন্থা আৰু যাত্ৰীবাহী বাহন চালক সন্থাই ৷

ৰাজ্যৰ পৰিবহন বিভাগে ক’ভিড-১৯ ৰ বাবে পূৰ্বৰ নিৰিখতে ৫০ শতাংশ যাত্ৰীৰে যাত্ৰীবাহী বাহন চলাচল কৰাবলৈ নিৰ্দেশ দিয়াৰ পাছতেই গুৱাহাটী, ডিব্ৰুগড়কে ধৰি উজনি-নামনিৰ চালক আৰু মালিকসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহিছিল৷৫ অক্টোবৰ অৰ্থাৎ আজিৰেপৰা স্তব্ধ হৈ পৰিব পৰা ৰাজ্যৰ ৰাজহুৱা যাতায়াত ব্যৱস্থা।

No comments:

Post a Comment

SPONSORED