হিন্দু যুৱকৰ সৎকাৰ কৰিলে মুছলমান লোকে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 3, 2020

হিন্দু যুৱকৰ সৎকাৰ কৰিলে মুছলমান লোকে

শিলাদিত্য-সত্যৰঞ্জন-গীত কামৰূপাই শিক্ষা লওঁক দুমুনী গাঁৱৰ পৰা

   

 বৰপেটাৰোড : শংকৰ-আজানৰ আদৰ্শ আজিও জীয়াই আছে অসমত, বিভিন্ন জাতি-জনগোষ্ঠীৰ এক পৱিত্ৰ মিলনভূমি যে আমাৰ এই অসম তাৰেই বাস্তৱ ছবি যেন দাঙি ধৰিলে বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত দুমুনী গাৱৰ এক দৃশ্যই৷ আপোনালোকে স্ক্ৰীণত দেখি থকা এই দৃশ্য বৰপেটা জিলাৰ বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত দুমুনী গাৱৰ৷ দুমনী গাঁৱৰ অমল দাসৰ পুত্ৰ বকুল দাস নামৰ ২৫ বছৰীয়া এক যুৱকৰ অকাল মৃত্যুত অন্তিন সৎকাৰ কৰিলে মুছলমান সমপ্ৰদায়ৰ লোকে৷ উৰিয়া সম্প্ৰদায়ৰ দুটা পৰিয়ালেই আছিল গাওঁখনত৷ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত একাংশ মুছলমান সম্প্ৰদায়ৰ সচেতন লোকে দাঙি ধৰিলে মিলনভূমিৰ এক বাস্তৱ নিদৰ্শন৷ স্থানীয় ৰাইজৰ আহ্বান অসমৰ প্ৰতিটো প্ৰান্তৰ লোক সকলেই গঢ়ি তোলক এনেকুৱা আদৰ্শ, যাৰ জৰিয়তে নিপাত যাওঁক সাম্প্ৰদায়িকতা৷ আমি সংবাদ প্ৰহৰীৰ তৰফৰ পৰাও আহ্বান জনাম- শিলাদিত্য-সত্যৰঞ্জন-গীত কামৰূপাৰ দৰে লোকসকলেও শিক্ষা লওক বৰপেটাৰোডৰ দুমুনী গাৱৰ এই লোকসকলৰ পৰা৷

No comments:

Post a Comment

SPONSORED