হস্তীৰ কন্যা প্ৰতিমা পাণ্ডেৰ জন্মদিন পালন ৰাজ্যজুৰি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, October 03, 2020

হস্তীৰ কন্যা প্ৰতিমা পাণ্ডেৰ জন্মদিন পালন ৰাজ্যজুৰি

কোকৰাঝাৰ : ‘হস্তীৰ কন্যা’ পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮৬সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে৷ অবিভক্ত গোৱালপাৰা জিলাৰ অনুপম সংস্কৃতিক উপাদান গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱাত এক বিশেষ ভূমিকা পালন কৰিছিল প্ৰতিমা বৰুৱা পাণ্ডেই৷ লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডৰ জন্ম হৈছিল ধুবুৰী জিলাৰ গৌৰিপুৰৰ ৰাজ পৰিয়ালত ১৯৩৫ৰ আজিৰ দিনটোতে৷ গোৱালপৰীয়া লোকগীতক এক অনন্য মাত্ৰা প্ৰদান কৰা তথা ব্যাপক বিস্তৃতি দিয়া প্ৰতিমা বৰুৱা পাণ্ডেই ১৯৯১ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৮৮ চনত ‘সংগীত নাটক একাডেমী’ পুৰষ্কাৰেৰে বিভূষিত হয়।

গৌৰীপুৰৰ ৰাজপৰিয়ালৰ প্ৰখ্যাত হাতী বিশেষজ্ঞ প্ৰকৃতীশ চন্দ্ৰ বৰুৱাৰ কন্যা আৰু ভাৰতীয় চিনেমাৰ পিতামহ ‘দেৱদাস’ খ্যাত চলচ্চিত্ৰৰ পৰিচালক প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভতিজী আছিল প্ৰতিমা বৰুৱা পাণ্ডে। তেওঁ ৰেকৰ্ড কৰা গীতৰ সংখ্যা ৩২০টা৷

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গোসাইগাঁও কোচ-ৰাজবংশী কালচাৰেল ছ’চাইটিৰ উদ্যোগত গোসাইগাঁও বীৰ চিলাৰায় ভৱনতো হস্তীৰ কন্যাৰ জন্মদিন পালন কৰা হয়।

No comments:

Post a Comment

SPONSORED