এছ আই কেলেংকাৰি সন্দৰ্ভত পুনৰ দুজনক গ্ৰেপ্তাৰ চিআইডিৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 3, 2020

এছ আই কেলেংকাৰি সন্দৰ্ভত পুনৰ দুজনক গ্ৰেপ্তাৰ চিআইডিৰ

ডিব্ৰুগড় : এছ আই কেলেংকাৰি সন্দৰ্ভত পুনৰ দুজনক গ্ৰেপ্তাৰ চিআইডিৰ৷  ডিব্ৰুগড়ত গ্ৰেপ্তাৰ প্ৰিয়নাথ গগৈ ওৰফে জিণ্টু গগৈক আৰু  বৰপথাৰত গ্ৰেপ্তাৰ দিলীপ গগৈ নামৰ যুৱকজনক৷ জানিব পৰা মতে এছআই কেলেংকাৰীৰ মূল নায়ক পি কে দত্তক দুয়োজনে ধন দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷

ইতিমধ্যে দুয়োজনকে গুৱাহাটীৰ চিআইডি কাৰ্যালয়লৈ আনি থকা হৈছে৷ দুয়োজনকে কেলেংকাৰীৰ সন্দৰ্ভত জেৰা চলাব চিআইডিয়ে৷

আনহাতে, ৭ বছৰৰ ভিতৰতেই দ্বিবন ডেকা কোটিপতি হৈ পৰাৰ লগতে ২৮ বছৰৰ চাকৰি কালত পি কে হৈছিল কেইবাশ কোটিৰ মালিক৷ এই সন্দৰ্ভত ইডিয়ে তদন্ত কৰিব প্ৰাক্তন ডিজিপি পি কে দত্ত আৰু বিজেপি পালিনেতা দ্বিবন ডেকাৰ সম্পত্তি৷ পি কে দত্ত আৰু দ্বিবন ডেকাৰ সম্পত্তিৰ তালিকা প্ৰস্তুত সম্পূৰ্ণ ইডিৰ৷  শীঘ্ৰেই ইডিয়ে অভিযান চলাব দিবন আৰু পি কেৰ সম্পত্তিত৷ 


No comments:

Post a Comment

SPONSORED