হাঁহ-কুকুৰা বিক্ৰী কৰিছে ৰ্বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 3, 2020

হাঁহ-কুকুৰা বিক্ৰী কৰিছে ৰ্বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

মৰিয়নী:চাহ বিক্ৰী এৰি এইবাৰ হাঁহ কুকুৰা বেপাৰত ধৰিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ ৰূপজ্যোতিৰ।নিবনুৱাই চাকৰি পালে পাৰ্টি খাবলৈ হাঁহ-কুকুৰা যোগান দিব বিধায়ক ৰূপজ্যোতিয়ে।

মৰিয়নী নগৰৰ থানা তিনি আলিত কিছুদিন পূৰ্বে চাহ-বিস্কুট বিক্ৰী কৰা বিধায়ক জনে এইবাৰ গান্ধী জয়ন্তীৰ দিনা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সন্মুখত হাঁহ-কুকুৰালৈ প্ৰতিবাদত বহে। ৰাজ্যৰ নিবনুৱাক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চাকৰি দিয়াৰ নামত বাৰম্বাৰ কৰি অহা প্ৰতাৰণাৰ বিৰোধিতাৰে হাঁহ-কুকুৰা বিক্ৰী কৰা বুলি উল্লেখ কৰে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে।

বিজেপি চৰকাৰ খনে এ পি ডি চি এল, জলসিঞ্চন, পঞ্চায়ত, জনসংযোগ, গ্ৰামীণ ডাক সেৱক, বিদেশী ন্যায়ধীশ প্ৰাধীকৰণ আদি বিভাগৰ লগতে শেহতীয়াকৈ অসম আৰক্ষী বিভাগৰ এছ আই নিযুক্তিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰি নিবনুৱাক চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰা বুলি অভিযোগ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

No comments:

Post a Comment

SPONSORED