অ’ এন জিচিৰ আৱাসিক এলেকাত বাঘৰ মুক্ত বিচৰণৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 10, 2020

অ’ এন জিচিৰ আৱাসিক এলেকাত বাঘৰ মুক্ত বিচৰণৰ

 অ’ এন জিচিৰ আৱাসিক এলেকাত বাঘৰ মুক্ত বিচৰণৰ দৃশ্য চিচিটিভিত বন্দী

নাজিৰাঃ নাজিৰাৰ এটা অঞ্চলত চলিছে এতিয়া বাঘৰ তাণ্ডৱ। নাজিৰাৰ অ’এনজিচি ক’লনীত বিগত এমাহ ধৰি ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰফুটুকীয়ে। পোৱালিসহ দুটা নাহৰফুটুকী বাঘে বিগত এমাহে অঞ্চলটোত মুক্ত বিচৰণ অব্যাহত ৰাখিছে।

অঞ্চলটোত আবাসীসকলৰ পোহনীয়া বা ৰাস্তাৰ কুকুৰ হৈ পৰিছে বাঘৰ খাদ্য। শেহতীয়াকৈ অঞ্চলটোত স্থাপিত চিচিটিভিত বন্দী হৈছে বাঘৰ মুক্ত বিচৰণৰ শিহৰণকাৰী দৃশ্য। অঞ্চলটোৰ আবাসীসকলৰ মাজত এতিয়া হুৱা-দুৱা লাগিছে।

বিগত প্ৰায় এটা মাহে অঞ্চলটোত বাঘে ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও এতিয়াও বাঘকেইটা পিঞ্জৰাবদ্ধ কৰিবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ।


No comments:

Post a Comment

SPONSORED